গোৱালপাৰা, ৬ নৱেম্বৰ: মাইক্ৰ'ফাইনেঞ্চ বিত্তীয় প্ৰতিষ্ঠানে প্ৰদান কৰা ঋণ ৰেহাই দিয়াৰ দাবীত গোৱালপাৰাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। বন্ধন, এইচ ডি এফ চি, অজগৰ, আৰোহণ আদি বিত্তীয় প্ৰতিষ্ঠানে ঋণ আদায়ৰ নামত হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে মাইক্ৰ'ফাইনেঞ্চৰ ঋণ ৰেহাই দাবী কমিটীয়ে। ঋণ ৰেহাই আৰু মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত প্ৰতিবাদ গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।
![গোৱালপাৰাত মাইক্ৰ'ফাইনেন্স বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে প্ৰতিবাদ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-gol-06nov-802-goalpara-protest-visbytephoto-rtu-as10022_06112020133645_0611f_01040_53.jpg)
প্ৰতিবাদকাৰী সকলে প্ৰকাশ কৰা মতে, গোৱালপাৰা চহৰকে ধৰি গাঁৱে-ভূঞে বহু দৰিদ্ৰ পৰিয়াল আৰু গোটৰ সদস্যসকলে বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ বিভিন্ন ধৰণৰ ব্যৱসায় কৰি পৰিয়াল পোহপাল দি আহিছে। যোৱা মাৰ্চৰ পৰা COVID-19ৰ বাবে চৰকাৰে লকডাউন ঘোষণা কৰাৰ ফলত গোটৰ সদস্য সকলৰ ব্যৱসায় বন্ধ হোৱাত পানীত হাঁহ নচৰা অৱস্থা হৈছে। তেনেক্ষেত্ৰত বিত্তীয় প্ৰতিষ্ঠান সমূহে ঘৰে ঘৰে গৈ পৰিয়ালৰ ঋণ আদায় কৰাৰ দাবী কৰি আহিছে।
লগতে চক্ৰবৃদ্ধি সুতৰ হাৰত আদায় দিয়াৰ বাবেও দাবী জনাইছে। অথচ প্ৰধানমন্ত্ৰীয়ে ঋণৰ সুত ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছিল। মাইক্ৰ'ফাইনেঞ্চ বিত্তীয় প্ৰতিষ্ঠানে সঘনাই এনেদৰে সুত আদায়ৰ বাবে হেঁচা প্ৰয়োগ কৰাত উপায়হীন হৈ প্ৰতিবাদ সাব্যস্ত কৰিছে ভুক্তভোগী লোকসকলে। লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধি ৰোধ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু সকলো দুখীয়া পৰিয়ালক অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰিবলৈকো চৰকাৰক দাবী জনায়।
সেয়ে, বিত্তীয় প্ৰতিষ্ঠানসমূহে ঋণ আদায়ৰ নামত কৰা হাৰাশাস্তি বন্ধ কৰা আৰু ঋণ ৰেহাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰীলৈ জিলা উপায়ুক্ত বৰ্ণালী ডেকাৰ জৰিয়তে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীয়ে। আনহাতে, গ্ৰামঞ্চলৰ একাংশ লোকে যধে-মধে ঋণ লৈ সময়ত পৰিশোধ নকৰাৰো অভিযোগ উত্থাপিত হৈ আহিছে।
লগতে পঢ়ক:হাতৰ মুঠিতে উপলব্ধ হ'ল গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনা