ETV Bharat / state

গোৱালপাৰাত জলদস্যুৰ সন্ত্ৰাস

author img

By

Published : Aug 30, 2022, 2:27 PM IST

গোৱালপাৰাৰ হাঁচিলা বিলত চলিছে একাংশ লোকৰ সন্ত্ৰাস (Tender scam in fisheries department)। মীন উন্নয়ন নিগমৰ দুৰ্নীতিগ্ৰস্ত বিষয়াৰে মিলি বিল খনত একাংশ লোকে দালালৰাজ চলোৱাৰ অভিযোগ স্থানীয় লোকৰ । বিভাগৰ দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে প্ৰতিবাদ মাছমৰীয়াৰ ।

Goalpara
গোৱালপাৰাত জলদস্যুৰ সন্ত্ৰাস

গোৱালপাৰা,৩০ আগষ্ট : গোৱালপাৰা চহৰৰ নিকটৱৰ্তী ঐতিহাসিক হাঁচিলা বিলত চলিছে একাংশ জলদস্যুৰ সন্ত্ৰাস (Historic Hasila beel at Goalpara)। মীন বিভাগৰ দুৰ্নীতিগ্ৰস্ত বিষয়াৰ ছত্ৰ ছাঁয়াত একাংশ জলদস্যুৱে সন্ত্ৰাস চলোৱাৰ অভিযোগ স্থানীয় মাছমৰীয়াৰ । জলদস্যুৰ ত্ৰাসৰ ফলতেই চৰকাৰে কোটি টকাৰ ৰাজহ হেৰুৱাব লগা হৈছে বুলিও অভিযোগ কৰে ৰাইজে । জানিব পৰা মতে অসম চৰকাৰৰ মীন উন্নয়ন নিগমৰ অধীনস্থ নামনি অসম মীন মণ্ডলৰ অভয়াপুৰীস্থিত কাৰ্যালয়ে প্ৰতি সাত বছৰৰ অন্তৰালত নিবিদা প্ৰক্ৰিয়াৰে নিৰ্দ্দিষ্ট ৰাজহৰ বিপৰীতে মহলদাৰক হাঁচিলা বিলখনৰ দ্বায়িত্ব অৰ্পন কৰে ।

সেই মতে ২০১৩-১৪ বৰ্ষত প্ৰদান কৰা নিবিদাৰ ২০২০ বৰ্ষত অন্ত পৰাৰ পিছতো বিভাগটোয়ে নিবিদা আহ্বান নকৰাকৈ বিলখনত মাছ ধৰা নিষিদ্ধ ঘোষণা কৰে । জানিব পৰা মতে ২০২২ৰ নিবিদা বৰ্ষত বিভাগে ১ কোটি ৪৫ লাখত মহলদাৰক নিবিদা প্ৰদানৰ যো-জা কৰিও অজ্ঞাত কাৰণত মীন মহলটো বাতিল কৰি থয় । কিন্তু ২০২০ বৰ্ষৰ পৰা এই সুদীৰ্ঘ দিনে মীন মহল বিভাগৰ দুৰ্নীতিগ্ৰস্ত বিষয়াই প্ৰাক্তন মহলদাৰ ভীম মালোৰ লগতে একাংশ জলদস্যুৰ সৈতে গোপন বুজাবুজিৰে নিশাৰ ভাগত চোৰাংভাৱে মাছ ধৰিবলৈ দি চৰকাৰী ৰাজহৰ লোকচান কৰি আহিছে ।

গোৱালপাৰাত জলদস্যুৰ সন্ত্ৰাস

বিলখনত এইদৰে দালালৰাজৰ জৰিয়তে প্ৰতি নিশাই চোৰাংভাৱে মাছ ধৰা কাৰ্যত ক্ষুণ্ণ হৈছে স্থানীয় মাছমৰীয়াসকল (Local fishermen protest at Hansila Beel)। কেৱল এয়াই নহয় অভিযোগ অনুসৰি সাধাৰণ মাছমৰীয়াসকলৰ জাল আৰু মাছধৰা সঁজুলি জব্দ কৰি একপ্ৰকাৰে হাৰাশাস্তি কৰি আহিছে বিভাগে । ৰাইজৰ অভিযোগ মতে বিভাগটোয়ে পোহপাল দিয়া এই দালালসকলে (Scam in Fisheries Development Corporation) বিলখনৰে ব্ৰহ্মপুত্ৰ নদীৰ সংযোগস্থলীত বান্ধ দি বিলখনত স্থানীয় জাতৰ মাছৰ বংশ বৃদ্ধিত বাধা প্ৰদানৰ লগতে নিষিদ্ধ ঘোষিত নেট জালেৰে প্ৰতি নিশাই লাখ লাখ টকাৰ মাছ ধৰি বিনা নিবিদাৰে বজাৰত চালান দি আহিছে ।

বিগত বৰ্ষত বিলখনৰ পানী মেটেকা নিষ্কাশনৰ নামতো চৰকাৰে ২০ লাখ টকা আৱন্টন দিছিল যদিও মেটেকা নিষ্কাশন নকৰি দালাল চক্ৰৰে মিলি বিভাগৰ দুৰ্নীতিগ্ৰস্ত বিষয়াই সকলো ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ তোলে ৰাইজে । দুৰ্নীতিগ্ৰস্ত বিষয়াই জলদস্যুৰে মিলি এইদৰে চৰকাৰী ৰাজহৰ লোকচান কৰা সন্দৰ্ভত তদন্তৰো দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক :জোনাইত PMAYৰ নামত ব্যাপক দুৰ্নীতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.