গোৱালপাৰা, 9 মাৰ্চঃ আজি ৰঙৰ উৎসৱ ফাকুৱা। ইতিমধ্যে বিভিন্ন ৰঙৰ ফাকুগুৰিৰে ভৰি পৰিছে বজাৰ। ৰাইজক চৰকাৰে বাৰে বাৰে চীনা সামগ্ৰীৰ পৰা সতৰ্ক হ'বলৈ আহ্বান জনাইছে যদিও সকলোবোৰ আওকাণ কৰি চীনা সামগ্ৰীৰে ফাকুৱা উদযাপনত ব্যস্ত হৈ পৰিছে গোৱালপাৰা ৰাইজ ৷ আনহাতে চীনা সামগ্ৰীৰে ভৰি পৰিছে গোৱালপাৰা বজাৰ ৷ দৰাচলতে বিগত বৰ্ষৰ ৰঙসমূহ বজাৰত পুনৰ বিক্ৰীৰ বাবে উলিয়াই দিছে বিক্ৰেতাসকলে ৷ সেয়ে নিৰ্ভয়ে ফাকুৱা উপভোগ কৰিছে গোৱালপাৰাবাসীয়ে ৷ অৱশ্যে গোৱালপাৰাৰ ফাকুৱাৰ বজাৰত পূৰ্বতকৈ ক্রেতাৰ সংখ্যা যথেষ্ঠ কম ৷
গোৱালপাৰাত চীনা ৰঙেৰে ফাকুৱা উদযাপন ! - a people celebrating holi at Goalpara
কিন্তু গোৱালপাৰাত দেখিবলৈ পোৱা গ'ল চীনা সামগ্ৰীৰ নানা ৰঙৰ ফাকুগুৰি।