গোৱালপাৰা, ১১ আগষ্ট : স্বাধীনতা দিৱসলৈ মাজত মাথোঁ আৰু তিনিটা দিন বাকী । ইতিমধ্যে দেশত বছৰজুৰি পালন কৰা হৈছে স্বাধীনতাৰ ৭৫ বছৰৰ বিভিন্ন কাৰ্যসূচী (75th Independance day of India) । স্বাধীনতা সংগ্ৰামৰ অন্যতম কাণ্ডাৰী মহামানৱ মহাত্মা গান্ধীকো দেশবাসীয়ে সুঁৱৰিছে । কিন্তু তাৰ মাজতে গোৱালপাৰাত এই স্বাধীনতাৰ হীৰক জয়ন্তী বৰ্ষত মহাত্মা গান্ধীক অপমান কৰাৰ অভিযোগ উঠিছে কংগ্ৰেছৰ বিৰুদ্ধে (Azadi ka Amrit Mahotsav) ।
গোৱালপাৰাত কংগ্ৰেছে জাতিৰ পিতাক অপমান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । মহাত্মা গান্ধীৰ মূৰ্তিক পিছত লৈ কেইবাগৰাকীও কংগ্ৰেছী বিধায়কে ছেল্ফি উঠাৰ অভিযোগ উত্থাপন হৈছে (allegation against Congress insulting Mahatma Gandhi in Goalpara) । আনহাতে, জোতা পিন্ধিয়ে গান্ধী মূৰ্তিত পুষ্পাঞ্জলি অৰ্পণৰো অভিযোগ উঠিছে । ইফালে কংগ্ৰেছী নেতা-বিধায়কৰ এনে কৰ্মকাণ্ডত সোচ্চাৰ হৈ পৰিছে জিলা বিজেপিৰ যুৱ মৰ্চা ।
উল্লেখ্য, গোৱালপাৰাত স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে কংগ্ৰেছে উলিয়াইছিল গৌৰৱময় পদযাত্ৰা (Glorious march by Congress for 75 years of independence)। গোৱালপাৰা চহৰৰ বৰবাজাৰস্থিত কংগ্ৰেছৰ জিলা কাৰ্যালয়ৰ পৰা এক পদযাত্ৰা উলিয়াই বিঅ'চিত সমাপ্ত কৰে । কংগ্ৰেছৰ এই গৌৰৱময় পদযাত্ৰাত অংশগ্ৰহণ কৰে কংগ্ৰেছৰ তিনিগৰাকী বিধায়কয়ে । অৱশ্যে কংগ্ৰেছৰ এই শোভাযাত্ৰাত গোৱালপাৰা পশ্চিম সমষ্টিৰ বিধায়ক আব্দুৰ ৰচিদ মণ্ডলে অংশগ্ৰহণ কৰা নাছিল ।
পদযাত্ৰাৰ শেষত কংগ্ৰেছৰ বিধায়ক তথা কৰ্মীসকলে বিঅ'চিস্থিত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে যদিও গোৱালপাৰা জিলাৰ দুধনৈ আৰু জলেশ্বৰ বিধানসভা সমষ্টিৰ দুয়োগৰাকী বিধায়কে জোতা পিন্ধিয়ে গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰা পৰিলক্ষিত হয় । লগতে মহাত্মা গান্ধীক পিছত ৰাখি বিধায়ক দুগৰাকীয়ে ছেল্ফি উঠাত ব্যস্ত হৈ পৰে । ইয়াৰ পিছতে জাতিৰ পিতা মহাত্মা গান্ধীক এনেদৰে অপমান কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে বিজেপি (BJP condemns insulting to Mahatma Gandhi) কৰ্মীসকলে।
লগতে পঢ়ক :Independence Day parade: তেজপুৰ নেহৰু মৈদানত স্বাধীনতা দিৱসৰ পেৰেড অনুশীলন