গোৱালপাৰা,8 নৱেম্বৰঃ দেওবাৰে নবগঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদৰ গোৱালপাৰা জিলা আহ্বায়ক সমিতিখন গঠনৰ উদ্দেশ্যে গোৱালপাৰা চহৰৰ নটসূৰ্য ফণী শৰ্মা ভৱনত এখনি সভা অনুষ্ঠিত হয় । দেওবাৰে সভাৰ উদ্দেশ্য ব্যক্ত কৰে দলৰ ৰাজ্যিক আহ্বায়ক আনিচুৰ ৰহমানে ।

অসম জাতীয় পৰিষদ দলৰ ৰাজ্যিক আহ্বাক ইমদাদ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ৰাজ্যিক সমন্বয়ক অদীপ ফুকন, ৰাজ্যিক আহ্বায়ক ৰবীন দত্ত, ৰচীন নেওগ, ৰাজ্যিক মুখপাত্ৰ জিয়াউৰ ৰহমান, ৰাজ্যিক আহ্বায়ক লাকীমণি বৰুৱা, কামৰূপ জিলাৰ আহ্বায়ক সমিতিৰ অনামিকা ডেকা উপস্থিত থাকি ভাষণ প্ৰদান কৰে।

সভাত ৰাজ্যিক আহ্বায়ক লাকীমণি বৰুৱাই বিজেপি দলক সাম্প্ৰদায়িক দল বুলি আখ্যা দি কয় যে, বিজেপি চৰকাৰে অসমবাসী ৰাইজৰ লগত প্ৰতাৰণা কৰিছে । অসম চুক্তিক অপমান কৰা বিজেপি দলক অসমৰ পৰা উফৰাবলৈ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী সকলক জয়ী কৰিবলৈ সকলোকে আহ্বান জনায় ।

লগতে অসম জাতীয় পৰিষদৰ ৰাজ্যিক সমন্বয়ক অদীপ কুমাৰ ফুকনে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে কয় যে, ২০২১ত অসম জাতীয় পৰিষদে চৰকাৰ গঠন কৰিলে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জেলত ভৰাব ।

আজি গোৱালপাৰা জিলা আহ্বাক সমিতি গঠন আৰু যোগদান সমাৰোহত পশ্চিম গোৱালপাৰাৰ বগুৱানৰ চফীউৰ ৰহমানে প্ৰায় পাঁচ শতাধিক সমৰ্থকক লগত লৈ এক বিশাল বাইক ৰেলিৰে উপস্থিত হৈ অসম জাতীয় পৰিষদত যোগদান কৰে ।
লগতে পঢ়কঃ ৰাইজৰ দল আৰু এজেপিক ঐক্যবদ্ধ হোৱাৰ আহ্বান কৃষক নেতা ধৈৰ্য কোঁৱৰৰ