ETV Bharat / state

Adil Hussain in Goalpara : গছ কাটি উন্নয়ন সাধনৰ নীতিক তিৰস্কাৰ অভিনেতা আদিল হুছেইনৰ

author img

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 4:05 PM IST

গোৱালপাৰাত উপস্থিত বলিউড অভিনেতা আদিল হুছেইন । পথ সম্প্ৰসাৰণ আৰু ঔদ্যোগিক বিকাশৰ নামত প্ৰকৃতি ধ্বংস কাৰ্যক লৈ উদ্বিগ্ন অভিনেতাগৰাকী । প্ৰকৃতিক নিজস্ব নিয়মত চলিব দিব লাগে । উন্নত দেশবোৰৰ দৰে প্ৰকৃতি ধ্বংস নকৰাকৈ বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব পাৰে চৰকাৰে । জিলাখনত বন্যহস্তীৰ বাসস্থান ধ্বংস কৰাৰ বাবেই বৃদ্ধি পাইছে হাতী-মানুহৰ ভয়াৱহ সংঘাত ।

Adil Hussain in Goalpara
গোৱালপাৰাত বলিউদ অভিনেতা আদিল হুছেইন
গোৱালপাৰাত বলিউদ অভিনেতা আদিল হুছেইন

গোৱালপাৰা, 29 অক্টোবৰ : দেওবাৰে গোৱালপাৰাত উপস্থিত হয় অস্কাৰ বঁটা বিজয়ী প্ৰখ্যাত অভিনেতা আদিল হুছেইন । ৰাজ্যখনৰ লগতে গোৱালপাৰাত পথ সম্প্ৰসাৰণ আৰু ঔদ্যোগিক বিকাশৰ নামত এফালৰ পৰা গছকাটি তহিলং কৰাত ক্ষুণ্ণ হৈ পৰিছে অভিনেতাগৰাকী । প্ৰকৃতি ধ্বংস কৰাৰ বাবেই দিনকদিনে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত ।

বিশিষ্ট অভিনেতাগৰাকীয়ে প্ৰকৃতি ৰক্ষাৰ বাবে সাংবাদিকৰ আগত কয়, ‘‘পৃথিৱীত মানুহৰ পূৰ্বে প্ৰকৃতি বা গছ-গছনিৰহে সৃষ্টি হৈছে । মানুহ পাচতহে আহিছে । পৰিৱেশতন্ত্ৰক ধ্বংস কৰিব নালাগে । গছবোৰত চৰাই, সাপ, বিভিন্ন কীট-পতংগই বাস কৰে । গছ কাটিলে এই সমগ্ৰ তন্ত্ৰটোৰ ওপৰত প্ৰভাৱ পৰিব । বিকাশৰ বা উন্নয়নৰ নামত পৰিৱেশ‌ ধ্বংস কৰটো উচিত নহয় । ইচ্ছা থাকিলে আমি যিকোনো অসম্ভৱকো সম্ভৱ‌ কৰিব পাৰো ।’’

জিলাখনৰ প্ৰকৃতি ধ্বংসৰ বিৰূদ্ধে সৰব হৈ অভিনেতাগৰাকীয়ে কয়, ‘‘ঔদ্যোগিকৰণ বা যিকোনো বিকাশৰ চিন্তা কৰাৰ আগতে প্ৰকৃতিক কেনেকৈ ৰক্ষা কৰিব পাৰি তাৰ চিন্তা আগতে কৰিব লাগিব । কেৱল গোৱালপাৰা জিলাৰ ক্ষেত্ৰতে নহয়, সমগ্ৰ দেশতে বিকাশৰ পূৰ্বে এই চিন্তা কৰিব লাগিব ।’’ গছ-গছনি কাটি বিকাশৰ কথা চিন্তা কৰিলে নহ'ব বুলিও তেওঁ সংবাদ মাধ্যমত মন্তব্য কৰে ।

আদিল হুছেইনে কয় যে প্ৰকৃতি ৰক্ষা কৰি উন্নয়ন কৰাটো সহজ কাম নহয় যদিও প্ৰকৃতিক যিমান সম্ভৱ নিজস্ব নিয়মত চলিবলৈ দিব লাগে । প্ৰকৃতিৰ যি সৰল নিয়ম বা আইন তাক পৰাপক্ষত ভংগ কৰিব নালাগে । কেনেকৈ প্ৰকৃতিৰ ন্যূনতম ক্ষতি কৰি উন্নয়ন বা ঔদ্যোগিক বিকাশ কৰিব লাগে তাৰ চিন্তা কৰিব লাগে । আমি আজি আছোঁ, কাইলৈ মৰি যাম ৷ কিন্তু ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰকৃতিক আমি ৰক্ষা কৰিব লাগিবই । অন্যথা নতুন প্ৰজন্মই আমাক জবাবদিহি কৰিব, আমাক অভিশাপ দিব ।

প্ৰকৃতি ধ্বংস কৰাটো মুৰ্খামিৰ কাম বুলি উল্লেখ কৰি প্ৰখ্যাত অভিনেতাগৰাকীয়ে কয় যে প্ৰকৃতি ৰক্ষা কৰি আমি প্ৰথমে নিজে বাচি থাকিব লাগিব । আমি মানৱ জাতি মৰি গ'লে পৃথিৱীখন সুন্দৰকৈ নিজস্ব নিময়ত চলিব বুলি তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । চলচ্চিত্ৰ নিৰ্মাতাসকলে কেৱল বাণিজ্যিক চলচ্চিত্ৰ বনোৱাত ব্যস্ত থাকে, প্ৰকৃতি ৰক্ষাৰ ওপৰত চলচ্চিত্ৰ বনাবলৈ আহৰি নাপায় । প্ৰকৃতি ৰক্ষাৰ ওপৰতো চলচ্চিত্ৰ নিৰ্মাণ কৰি দায়িত্ব পালন কৰাৰ আহ্বান জনায় অভিনেতাগৰাকীয়ে ।

আনহাতে গোৱালপাৰা জিলাকে ধৰি ৰাজ্যৰ ভয়াৱহ হাতী-মানুহৰ সংঘাতক লৈও তেওঁ উদ্বিগ্নতা প্ৰকাশ কৰে । মাটিয়া-মৰনৈত ঔদ্যোগিক কেন্দ্ৰ স্থাপনৰ নামত আৰু ফ'ৰলেন পথ সম্প্ৰসাৰণৰ নামত হেজাৰ হেজাৰ গছ খাস্তাং কৰাটো ভাল কথা হোৱা নাই বুলি মন্তব্য কৰে ।

চৰকাৰী চাকৰিয়ালে দ্বিতীয় বিবাহ কৰিলে চৰকাৰৰ অনুমতি ল'ব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাক তেওঁ সমৰ্থন কৰি কয়, ‘‘স্বামী-স্ত্ৰীৰ সম্পৰ্কৰ মাজত তৃতীয় পক্ষ অহাটো উচিত নহয় ।’’ উল্লেখ্য যে মধ্যপ্ৰাচ্যৰ গাজা ষ্ট্ৰিপত ইজৰাইলৰ আক্ৰমণত বা হামাছে কৰা ইজৰাইল আক্ৰমণত মাতৃগৰ্ভৰ ভ্ৰুণকে ধৰি শিশু, মহিলা হত্যাক লৈও তেওঁ সংবাদ মাধ্যম আৰু নিজৰ টুইটাৰ একাউণ্টত সৰব হৈ পৰে । শীঘ্ৰেই যুদ্ধৰ অৱসান ঘটাবলৈ তেওঁ ৰাষ্ট্ৰসংঘৰ দৃষ্টি আকৰ্ষণ কৰে ।

উল্লেখযোগ্য যে শেহতীয়াকৈ গোৱালপাৰা জিলাত হাতী-মানুহৰ সংঘাত ভয়াৱহ হৈ পৰিছে । বিগত পাঁচটা বৰ্ষত গোৱালপাৰা জিলাত শিশুসহ মুঠ ৯৮ গৰাকী লোকে বনৰীয়া হাতীৰ আক্ৰমণ প্ৰাণ দিবলগীয়া হোৱাৰ বিপৰীতে অৰ্ধ শতাধিক আহত হৈছে । সেইদৰে বিভিন্ন কাৰণত জিলাখনৰ চাৰিওখন আঞ্চলিক বন এলেকাত পাঁচটা বছৰত নিহত হৈছে মুঠ ২২ টা বন্যহস্তীৰ ।

অশনি সংকট নামিছে ব্ৰহ্মপুত্ৰকে ধৰি দুধনৈ, কৃষ্ণাই আৰু মৰনৈ নদীৰ প্ৰতি । নদী জীৱন, নদী আবেগ, ই অসমীয়াৰ আয়ুস ৰেখা । কিন্তু গোৱালপাৰাত ব্ৰহ্মপুত্ৰৰ পানী অস্বাভাৱিক হাৰত শুকাই তলি ওলায় প্ৰতিবছৰে । এইবছৰ ই আগতীয়াকৈ শুকাবলৈ লৈছে । অনাগত দিনত কৃষিকাৰ্যত ব্যাপক প্ৰভাৱ পৰাৰ আশংকাত ভুগিছে নৈপৰীয়া কৃষিজীৱী ৰাইজে ।

মাটিয়া-মৰনৈত ঔদ্যোগিক বিকাশ আৰু ফ'ৰলেন পথ সম্প্ৰসাৰণৰ নামত দহিকটা সংৰক্ষিত বনাঞ্চলত ব্যাপক হাৰত বনাঞ্চল ধ্বংস কৰা হৈছে । ফ'ৰলেন পথ সম্প্ৰসাৰণৰ নামত অকল গোৱালপাৰা জিলা বন সংমণ্ডলৰ অধীনত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো দাঁতিৰ ১০ সহস্ৰাধিক শাল আৰু অইন গছ কটাৰ পৰিকল্পনা কৰা হৈছে ।

ইতিমধ্যে ৪০ শতাংশ গছ কটা হৈছে । উন্নত দেশবোৰে প্ৰকৃতিৰ ধ্বংস নকৰি প্ৰকৃতি কেনেকৈ সৃষ্টি কৰিব পাৰি তাৰহে চিন্তা কৰে আৰু আমাৰ দেশবোৰত কেনেকৈ প্ৰকৃতি ধ্বংস কৰি পথ, উদ্যোগ স্থাপন কৰিব পাৰি তাৰ চিন্তা কৰে । সময়ত উন্নত দেশবোৰকো উন্নয়নৰ নামত অনুসৰণ কৰিব লাগে ।

লগতে পঢ়ক : Deforestation in Goalpara : এফালে অমৃত বৃক্ষ আন্দোলন, আনফালে বন বিভাগৰ কৃপাত এফালৰ পৰা কাটি গৈছে গছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.