ETV Bharat / state

Goalpara Double murder: মধুৰী আমৰ ডালেৰে কোবাই কিশোৰে প্ৰাণ ল’লে এজনৰ

author img

By

Published : Jun 12, 2023, 4:35 PM IST

পুনৰ গোৱালপাৰা ধূপধৰাত পুনৰ নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ এজন কিশোৰৰ লাঠীৰ কোবত প্ৰাণ গ’ল প্ৰদীপ দাস (44) নামৰ এজন লোকৰ ৷

A teenager killed a man in Goalpara
মধুৰী আমৰ ডালেৰে কোবাই কিশোৰে প্ৰাণ ল’লে এজনৰ

গোৱালপাৰা, 12 জুন : ইটোৰ পিচত সিটো নৃশংস হত্যাকাণ্ডৰ ঘটনাই জোকাৰিছে ৰাজ্য ৷ 11 জুনত গোৱালপাৰাৰ কৃষ্ণাইৰ শালপাৰাৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত উদ্ধাৰ বিজেপিৰ সক্ৰিয় কৰ্মী জোনালী নাথৰ মৃতদেহ উদ্ধাৰৰ পিচতে এতিয়া পুনৰ গোৱালপাৰা ধূপধৰাত পুনৰ নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ এজন কিশোৰৰ লাঠীৰ কোবত প্ৰাণ গ’ল প্ৰদীপ দাস (44) নামৰ এজন লোকৰ ৷

জিলাখনৰ ধূপধৰা থানাৰ অন্তৰ্গত খুটাবাৰীত দেওবাৰে নিশা প্ৰদীপ দাস (৪৪) নামৰ লোক এজনে ভায়েকৰ সৈতে বজাৰলৈ গৈ থকা অৱস্থাত গাঁওখনৰে এটা কিশোৰে হঠাৎ পিচ পিনৰ পৰা মধুৰী আমৰ ডালেৰে মূৰৰ পিচফালে কোবাই বগৰাই দিয়ে ৷ লগে লগে লাঠীৰ কোবত মূৰ ফালি ৰক্তাক্ত হৈ ঢলি পৰে প্ৰদীপ দাস ৷ তৎক্ষণাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় ঘটনাস্থলীত ৷

স্থানীয় ৰাইজে তাৎক্ষণিকভাৱে ধূপধৰা আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ চিকিৎসাৰ বাবে ততাতৈয়াকৈ ধূপধৰাৰ বিকালী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও ইতিমধ্যে প্ৰদীপ দাস নামৰ লোকজনৰ মৃত্যু ঘটা বুলি চিকিৎসকে ঘোষণা কৰে ৷ ইপিনে ঘটনাস্থলীৰ পৰাই ধূপধৰা আৰক্ষীয়ে হত্যাকাৰী কিশোৰটোক কৰায়ত্ত কৰি থানালৈ লৈ যায় ৷ কিশোৰটোৰ সম্প্ৰতি আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে ৷

আনহাতে নিশা প্ৰদীপ দাসৰ মৃত্যুদেহ থানাত ৰাখি সোমবাৰে পুৱা মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ ইপিনে কি কাৰণত কিশোৰটোৱে এই হত্যাকাণ্ড সংঘটিত কৰিলে ইয়াৰ কাৰণ জানিব পৰা হোৱা নাই ৷

ইফালে ঘটনাৰ সময়তে মৃত লোকজনৰ সৈতে উপস্থিত থকা ভাতৃয়ে জনোৱা অনুসৰি কিশোৰটোৱে কেইবাদিনৰ পূৰ্বৰে পৰা প্ৰদীপৰ পত্নীক লগ পালেই প্ৰদীপক হত্যা কৰিম বুলি ভাবুকি দি আছিল ৷ কিশোৰটোৱে অত্যাধিক নিচা সেৱন কৰিছিল বুলি প্ৰদীপৰ আত্মীয়ই জানিবলৈ দিয়ে ৷ হত্যা কৰাৰ দিনটোত কিশোৰটোৱে অত্যাধিক মাত্ৰাত গাঞ্জা সেৱন কৰিছিল বুলি জানিবলৈ পৰা গৈছে ৷

লগতে পঢ়ক: BJP leader suspicious dead : আবেলিৰে পৰা পৰিয়ালে লাভ কৰা নাছিল মৃত জোনালী নাথৰ শুংসূত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.