ETV Bharat / state

ৰক্ষকেই ভক্ষক: গোৱালপাৰাত আৰক্ষী কনিষ্টবলৰ লজ্জাজনক কাণ্ড

author img

By

Published : Oct 8, 2019, 5:59 AM IST

গোৱালপাৰাত আৰক্ষী কনিষ্টবলৰ কামনাৰ বলি সপ্তম শ্ৰেণীৰ ছাত্ৰী ৷ কনিষ্টবলজনৰ বিৰুদ্ধে উত্থাপিত হৈছে 13 বছৰীয়া কিশোৰীক বলাৎকাৰৰ চেষ্টা কৰাৰ অভিযোগ ৷

ৰক্ষকেই ভক্ষকৰ ৰূপত অৱতীৰ্ণ গোৱালপাৰাৰ আৰক্ষী কনিষ্টবল

গোৱালপাৰা,7 অক্টোবৰঃ গোৱালপাৰাত এগৰাকী কনিষ্টবলৰ নিকৃষ্ট কৰ্ম-কাণ্ডই পুনৰবাৰ অসম আৰক্ষীৰ মান মৰ্যাদাত কালিমা সানিলে ৷ এজন আৰক্ষী কনিষ্টবলে নিজ কামনাৰ বশবৰ্ত্তী হৈ অসৎ উদ্দেশ্য চৰিতাৰ্থ কৰি এগৰাকী সপ্তম শ্ৰেণীত ছাত্ৰীক ধৰ্ষণ কৰাৰ অপচেষ্টা চলোৱাৰ এক ঘৃণনীয় ঘটনা সংঘটিত হ'ল গোৱালপাৰা চহৰত ৷ চহৰৰ মাজমজিয়াত সোমবাৰে সন্ধিয়া এজন কনিষ্টবলে বলাৎকাৰৰ চেষ্টা চলাই এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীক । আটকাধীন কনিষ্টবলজনৰ নাম জয় চৰণ দাস । ছাত্ৰীগৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি বলপূৰ্বক ধৰ্ষণৰ চেষ্টা চলোৱাৰ সময়তে ঘৰৰ কাষত থকা মানুহ এজনে কিছু চিঞৰ-বাখৰ শব্দ শুনিবলৈ পায় ৷ ঘটনা সংঘটিত হোৱাৰ পাছত কনিষ্টবল জয়চৰণ দাস ঘটনাস্থলীৰ পৰা পলায়ন কৰে । পিছত ৰাইজে খেদি খেদি কনিষ্টবল জনক উত্তম মাধ্যম শোধাই আৰক্ষীক গতাই দিয়ে । ইপিনে আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই ৰাইজৰ এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ড বিধিৰ ৬১৩/২০১৯ নম্বৰৰ ৩৭৬/৫১১ ধাৰাত গোচৰ ৰুজু কৰা হয় আৰু লগতে কনিষ্টবল জয়চৰণক নিলম্বন কৰা হয় বুলি জানিবলৈ দিয়ে ।

ৰক্ষকেই ভক্ষকৰ ৰূপত অৱতীৰ্ণ গোৱালপাৰাৰ আৰক্ষী কনিষ্টবল

আৰু পঢ়ক

Anchor :- ৰক্ষকেই ভক্ষক ওলাল গোৱালপাৰাত।গোৱালপাৰাত আৰক্ষী কনিষ্টবলে বলতকাৰৰ চেষ্টা চলায় সপ্তম শ্ৰেণীৰ ছাত্ৰীক।কনিষ্টবল জয় চৰণ দাস নামৰ লম্পটটোৱে এগৰাকী ১৩ বছৰীয়া কিশোৰীক বলতকাৰৰ চেষ্টা চলায়।

V.O :- অসম আৰক্ষীত কালিমা সানিলে এগৰাকী কনিষ্টবলে।ৰক্ষকেই ভক্ষক হল এতিয়া।কনিষ্টবল এজনে বলতকাৰৰ চেষ্টা চলালে এগৰাকী সপ্তম শ্ৰেণীত ছাত্ৰীক।এনে এক নজিৰ বিহীন ঘটনা সংঘটিত হল গোৱালপাৰাত।গোৱালপাৰা চহৰৰ মাজমজিয়াত আজি সন্ধিয়া এজন কনিষ্টবলে বলতকাৰৰ চেষ্টা চলাই এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীক।কনিষ্টবল জনৰ নাম জয় চৰণ দাস।ছাত্ৰী গৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি বলপূৰ্বক বলতকাৰৰ চেষ্টা চলোৱাৰ সময়তে ঘৰৰ কাষত থকা মানুহ এজনে শুনিবলৈ পায় কিছু সূলুস্থলীয় শব্দ।তাৰ পিছতেই ঘৰলৈ গৈ দেশৰ লগে লগে কনিষ্টবল জয় চৰণ দাসে ঘটনা স্থলীৰ পৰা পলায়ন কৰে।পিছত ৰাইজে খেদি খেদি কনিষ্টবল জনক উত্তম মাধ্যম সোধাই ৰসিক গতাই দিয়ে।বৰ্তমান কনিষ্টবল জয় চৰণ দাস আৰক্ষীৰ জিম্মাত।ইপিনে আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই কয় যে ,এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰা হয় ভাৰতীয় দণ্ড বিধিৰ ৬১৩/২০১৯নম্বৰৰ ৩৭৬/৫১১ ধাৰাত গোচৰ ৰাইজেও হোৱাৰ লগতে কনিষ্টবল জয় চৰণক নিলম্বন কৰা হয় বুলি জানিব দিয়ে।

গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, ই টি ভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.