ETV Bharat / state

Fire in Goalpara : গোৱালপাৰাত জীৱন্তে অগ্নিদগ্ধ হ’ল 7 বছৰীয়া নাবালক

author img

By

Published : May 7, 2023, 9:52 AM IST

গোৱালপাৰাত ভয়ানক অগ্নিকাণ্ডৰ ঘটনা ৷ জুইৰ লেলিহান শিখাত জীৱন্তে ভস্মীভূত 7 বছৰীয়া নাবালক । ছাইত পৰিণত হ’ল ঘৰ-বাৰী । পাঁচ লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ (Goalpara fire tragedy) ।

Goalpara fire tragedy
গোৱালপাৰাত ভয়ানক অগ্নিকাণ্ড

গোৱালপাৰাত অগ্নিকাণ্ডৰ ঘটনা

গোৱালপাৰা, 7 মাৰ্চ : গোৱালপাৰাত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা ৷ জীৱন্তে অগ্নিদগ্ধ হ’ল এটি 7 বছৰীয়া নাবালক ৷ গোৱালপাৰা চহৰৰ উপকণ্ঠ ৰাক্ষসিনীৰ ঘোঁৰাপথাৰত শুকুৰবাৰৰ নিশা সংঘটিত হয় এক ভয়ানক অগ্নিকাণ্ডৰ ঘটনা । সন্ধিয়া 8.30 মান বজাত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনাটো (7 year old boy burnt alive) ।

অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হৈছে ৰাক্ষসিনীৰ ঘোঁৰাপথাৰ নিবাসী শ্বাহজাহান আলীৰ ঘৰত ৷ বৈদ্যুতিক শ্ব'ৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হৈছে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ৷ এই অগ্নিকাণ্ডত শ্বাহজাহান আলীৰ 7 বছৰীয়া সন্তানটি মৃত্যু ঘটা বুলি জানিবলৈ পৰা গৈছে । মৃত শিশুটোৰ নাম আব্দুল খালেক (Massive fire break out) ।

উল্লেখ্য যে, স্থানীয় ৰাইজে জুই লগাৰ সময়ত অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে । কিন্তু অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বে জুইত গৃহসহ ঘৰৰ সকলো আচবাব-পত্ৰ, কাপোৰ-কানি জ্বলি ছাই হৈ যায় । দিন মজুৰিৰে পৰিয়াল পোহপাল দিয়া শ্বাহজাহান আলীৰ ঘৰৰ ভিতৰত থকা ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ পিচত জুইৰ তীব্ৰতা অধিক বৃদ্ধি পায় বুলি স্থানীয় লোকে জানিবলৈ দিয়ে (Fire incident in Goalpara) ।

ঘৰটোত অগ্নিসংযোগ হোৱাৰ সময়ত শ্বাহজাহান আলীৰ দুই পুত্ৰসহ পৰিয়ালটোৱে নিশাৰ ভাত সাজ গ্ৰহণ কৰি শুই পৰিছিল বুলি স্থানীয় লোকে জানিবলৈ দিয়ে ৷ জুই দেখি স্থানীয় ৰাইজে হুলস্থূল লগোৱাত শ্বাহজাহান আলীৰ পৰিয়ালটোৱে সাৰ পাই ঘৰৰ বাহিৰলৈ ওলায় আহে যদিও 7 বছৰীয়া পুত্ৰ আব্দুল খালেক টোপনিৰ পৰা খকমককৈ সাৰ পাই আতংকিত হৈ ঘৰৰ বাহিৰলৈ ওলাব পৰা নাছিল, যাৰ ফলত সংঘটিত হয় কৰুণ ঘটনাটো ৷

অৱশেষত জুই নিৰ্বাপিত হোৱাত 7 বছৰীয়া আব্দুল খালেকৰ জ্বলি ছাই হোৱা দেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী । পৰৱৰ্তী সময়ত আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে (Goalpara civil hospital) ।

ঘটনাটোত লক্ষাধিক টকাৰ সা-সম্পত্তিৰ লগতে প্ৰয়োজনীয় নথি-পত্ৰ সকলো জুইত জাহ যায় বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : Ziaur Rahman slams Pabitra Margherita: পবিত্ৰ মাৰ্ঘেৰিটাই ৰুচিবোধহীন মন্তব্য কৰিছে: জিয়াউৰ ৰহমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.