গোৱালপাৰা, 27 ফেব্ৰুৱাৰী: 2024 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে আমোদজনক হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপট ৷ বিশেষকৈ কংগ্ৰেছ আৰু AIUDFৰ নেতাৰ মাজত চলি থকা বাদানুবাদে গৰম কৰি তুলিছে ৰাজনৈতিক বতাহ (Congrss AIUDF conflict) ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰা AIUDF ৰ মুৰব্বী বদৰুদ্দিন আজমলে (Badruddin Ajmal) পুনৰ ঘটনাইছে বিস্ফোৰণ ৷
শীঘ্ৰেই কংগ্ৰেছৰ 7 গৰাকী বিধায়কে যোগ দিব AIUDF ৷ ইয়াৰ ভিতৰত শীৰ্ষত আছে পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক আব্দুৰ ৰচিদ মণ্ডল ৷ এই দাবী বদৰুদ্দিন আজমলৰ (Congress MLA to join AIUDF) ৷ কংগ্ৰেছৰ সংখ্যালঘু বিধায়ক আব্দুৰ ৰচিদ মণ্ডলে আজমল সহিতে সমগ্ৰ AIUDF ৰ নেতাই 2024ৰ লোকসভা নিৰ্বাচনৰ (Lok Sabha election 2024) পূৰ্বে কংগ্ৰেছত যোগদান কৰিব বুলি দাবী কৰাৰ পাচতেই এই বিস্ফোৰণ ঘটাইছে আজমলে ৷
ইফালে, 2024ৰ লোকসভা নিৰ্বাচনত AIUDF আৰু কংগ্ৰেছৰ মাজৰ মিত্ৰতা সন্দৰ্ভত কেতবোৰ মন্তব্য বদৰুদ্দিন আজমলৰ ৷ আজমলৰ অভিযোগ- ভূপেন বৰাই কংগ্ৰেছক ডুবাইছে ৷ কংগ্ৰেছক বচাই আছে ৰাহুল গান্ধীয়ে ৷ কেৱল সিমানেই নহয়, ভূপেন বৰাৰ মাথাত একো নাই বুলিও তীব্ৰ আক্ৰমণ কৰে আজমলে (Badruddin Ajmal slams Bhupen Bora) ৷
উল্লেখ্য যে, AIUDFয়ে 2024 ৰ লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ সৈতে মিত্ৰতা পোষকতা কৰি আছে যদিও AIUDFৰে মিত্ৰতাক নস্যাৎ কৰি আহিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আজমলে কয়, ‘‘AIUDFৰ সৰ্বভাৰতীয় পৰ্যায়ত ৰাহুল গান্ধী, ছোনীয়া গান্ধীৰ লগত বুজাবুজি আছে ৷ অসমত AIUDF আৰু কংগ্ৰেছৰ মিত্ৰতাৰ কথা আহিলেই ভূপেন বৰাই ৰাহুল গান্ধীৰ ভৰিত ধৰে । ভূপেন বৰাৰ বাবে অসমত কংগ্ৰেছৰ লগত AIUDFৰ মিত্ৰতা নহয় (Congress AIUDF alliance) ।’’
আনহাতে, AIUDFয়ে কংগ্ৰেছত চামিল হোৱাৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আজমলে মোক প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদ দিব নেকি বুলিও প্ৰশ্ন কৰে ৷ এইবাৰ লোকসভা নিৰ্বাচনত AIUDFয়ে ধুবুৰী, বৰপেটা, কলিয়াবৰ, নগাঁও আৰু কৰিমগঞ্জ দখল কৰিব বুলিও দাবী বদৰুদ্দিন আজমলৰ ৷
উল্লেখ্য যে, গোৱালপাৰা জিলাৰ ৰাক্ষসিনী লেওৱাবাৰীত আজি অনুষ্ঠিত হোৱা AIUDFৰ এখন ৰাজহুৱা সভাত অংশ গ্ৰহণ কৰি এইদৰেই মন্তব্য বদৰুদ্দিন আজমলে ৷
লগতে পঢ়ক: Ajmal to Join Congress: লোকসভা নিৰ্বাচনৰ পূৰ্বে আজমলসহ সমগ্ৰ AIDUDF বিলীন হ’ব নেকি কংগ্ৰেছত ?