ETV Bharat / state

Attempt to Rape: বিদ্যালয়ৰ চকীদাৰৰ কামনাৰ বলি হ’ল এগৰাকী কিশোৰী

পুনৰ যৌন নিৰ্যাতনৰ ঘটনা ৷ এইবাৰ গোৱালপাৰাত ছাত্ৰীক নিৰ্যাতনৰ অভিযোগ চেণ্ট্ৰেল গাৰ্লছ হাইস্কুলৰ চকীদাৰৰ বিৰুদ্ধে ৷ চকীদাৰ কৈলাশ শৰ্মাই বিদ্যালয়খনৰ নৱম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে (Attempt to Rape case in Goalpara) ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতি ৷

author img

By

Published : May 28, 2022, 8:41 PM IST

বিদ্যালয়ৰ চকীদাৰৰ কামনাৰ বলি হ’ল এগৰাকী কিশোৰী

গোৱালপাৰা, 28 মে’ : ৰাজ্যত সঘনাই বৃদ্ধি পাইছে যৌন নিৰ্যাতনৰ ঘটনা । এইবাৰ ঘটনাৰ স্থান গোৱালপাৰা চেণ্ট্ৰেল গাৰ্লছ হাইস্কুল । গোৱালপাৰা চহৰৰ মাজমজিয়াত থকা ঐতিহ্যময় হাইস্কুলৰ নামত কালিমা সানিলে বিদ্যালয়ৰ এগৰাকী 60 উৰ্দ্ধৰ চকীদাৰে (School chowkidar allegedly attempt to rape minor) ।

ঘটনাৰ বিৱৰণি অনুসৰি, চলিত মাহৰ 25 তাৰিখে বিদ্যালয় ছুটি হোৱাৰ পিছত নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে স্কুলত ৰৈ আছিল । প্ৰত্যেক দিনে চেণ্ট্ৰেল গাৰ্লছ হাইস্কুল ছুটি হয় 2:30 বজাত ৷ কিন্তু উক্ত দিনা অৰ্থাৎ 25 তাৰিখে হোৱা মুষলধাৰ বৰষুণৰ ফলত 2:30 বজাৰ পৰিৱৰ্তে 2:05 বজাত স্কুল ছুটি হয় ৷

সেয়ে নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে পৰিয়ালৰ লোকক স্কুল চুটিৰ সন্দৰ্ভত অৱগত কৰিবলৈ বিদ্যালয়ৰ চকীদাৰ কৈলাশ শৰ্মাৰ ম’বাইলেৰে ঘৰত খবৰ দিয়ে । ছাত্ৰীগৰাকীয়ে ফোন কৰি ম’বাইলটো চকীদাৰজনক দিবলৈ যাওঁতেই কোনো নথকাৰ সুযোগ লৈ ছাত্ৰীগৰাকীৰ ওপৰত যৌন নিৰ্যাতনৰ চেষ্টা কৰে (Old man attempt to rape in Goalpara) ।

তাৰ পাচত ছাত্ৰীগৰাকীয়ে চিঞৰ বাখৰ কৰাত ছাত্ৰীগৰাকীৰ মুখত সোপা দি ধৰি, পৰিয়ালৰ লোকক এই ঘটনাৰ কথা অৱগত কৰিলে প্ৰাণে মৰাৰ ভাবুকি দিয়ে অভিযুক্ত চকীদাৰ কৈলাশ শৰ্মাই । তথাপি ভয়ত বিতত হৈ ভুক্তভোগী কিশোৰীগৰাকীয়ে সমগ্ৰ ঘটনা পৰিয়ালৰ লোকৰ আগত অৱগত কৰে ৷

লগতে পঢ়ক : Minor gang raped in Kokrajhar: ১৫ বছৰীয়া নাবালিকাক দলবদ্ধ ধৰ্ষণ

ভুক্তভোগী কিশোৰীগৰাকীৰ ভাষ্য অনুসৰি, ঘটনা সন্দৰ্ভত প্ৰথমে বিদ্যালয়খনৰে এগৰাকী শিক্ষয়িত্ৰীক অৱগত কৰে ৷ পৰৱৰ্তী সময়ত বিদ্যালয় প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে স্কুল পৰিদৰ্শকক সমগ্ৰ ঘটনা সন্দৰ্ভত অৱগত কৰে ৷ এই ঘটনাৰ ভিত্তিতেই বিদ্যালয় পৰিদৰ্শকে অভিযুক্ত কৈলাশ শৰ্মাক বিদ্যালয়ৰ পৰা নিলম্বন কৰে ।

কিন্তু ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালে উল্লেখ কৰা অনুসৰি, বিদ্যালয়খনৰ এগৰাকী শিক্ষকে এই ঘটনাটো গাপ দিয়াৰহে চেষ্টা কৰে ৷ অৱশ্যে শনিবাৰে চেণ্ট্ৰেল গাৰ্লছ হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে বিদ্যালয়ত জৰুৰীভাৱে এখন অভিভাৱক সভা অনুষ্ঠিত কৰি অসৎ চৰিত্ৰৰ চকীদাৰজনক আনুষ্ঠানিকভাৱে নিলম্বন কৰাৰ কথা অভিভাৱকসকলক অৱগত কৰে ।

ইয়াৰ পাছতে ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত কৈলাশ শৰ্মাৰ বিৰুদ্ধে গোৱালপাৰা চহৰ আৰক্ষী চকীত দাখিল কৰে এক এজাহাৰ ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছে তীব্ৰ উত্তেজনা ৷

লগতে পঢ়ক : Minor Girl Raped: ঘৰত কোনো নথকাৰ সুযোগ লৈ ভতিজাকক ধৰ্ষণৰ চেষ্টা খুড়াকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.