গোৱালপাৰা, ২৮ অক্টোবৰ : গোৱালপাৰা জিলাৰ দুধনৈত জঘন্য ঘটনা । সুৰাপান কৰোৱাই তিনি নাবালিকাক ধৰ্ষণ তিনি পাষণ্ডৰ (Goalpara rape case)। আৰক্ষীৰ জালত অভিযুক্ত তিনিও ধৰ্ষণকাৰী ।
এই জঘন্য ঘটনা সংঘটিত হৈছিল ২২ অক্টোবৰত । দুধনৈৰ অসম-মেঘালয় সীমান্তৰ এটা অঞ্চলৰ দুখন গাঁৱৰ তিনি নাবালিকাক ঘৰৰ পৰা ফুচুলাই লৈ গৈছিল তিনি যুৱকে । দুখন বাইকত নাবালিকা কেইগৰাকীক সন্ধিয়া দুধনৈলৈ লৈ গৈছিল যুৱককেইজনে ৷ তাৰ পাছতে ধাবাত আহাৰ গ্ৰহণ কৰাৰ চলেৰে তিনিওগৰাকী নাবালিকাক সুৰাপান কৰাইছিল যুৱক কেইজনে ।
তাৰ পাছত ধাবাখনৰ কাষতে থকা এটা ইটা ভাটাৰ পিছফালে এখন তামোল বাগানৰ মাজলৈ লৈ গৈছিল নাবালিকাকেইগৰাকীক । তাত থকা এটা ঘৰত তিনি পাষণ্ডই ধৰ্ষণ কৰিছিল নাবালিকা কেইগৰাকীক (Minor raped in Goalpara)। ঘটনাৰ পিছদিনা অৰ্থাৎ ২৩ অক্টোবৰৰ পুৱা তিনিওগৰাকী নাবালিকাক দুধনৈ চাৰিআলিত এৰি থৈ পলায়ন কৰে ধৰ্ষণকাৰীকেইটাই ।
তিনিওগৰাকী নাবালিকাই নিজ ঘৰত উপস্থিত হৈ নিজৰ অভিভাৱকক সকলো কথা বিৱৰি কয় । তাৰ পাছতে এগৰাকী অভিভাৱকে দুধনৈ থানাত ২৪ অক্টোবৰত এখন এজাহাৰ দাখিল কৰে আৰু সেই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে ধৰ্ষণকাৰী তিনিটাৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই । অভিযানৰ অন্তত ধৰ্ষণকাৰী কেইটাক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় (3 arrested in Goalpara rape case)৷
ধৰ্ষণকাৰী কেইটাক আৰক্ষীয়ে ঘটনাস্থলীলৈ লৈ যায় আৰু উক্ত স্থানত কিদৰে এই নিকৃষ্ট কাণ্ড সংঘটিত কৰিছিল সেই বিষয়ে পুংখানুপুংখভাৱে আৰক্ষীয়ে তদন্ত কৰে ৷ দুধনৈ থানাৰ উপ-পৰিদৰ্শক অনিল কলিতাৰ নেতৃত্বত এই অভিযান চলিছিল ৷ ভুক্তভোগী তিনি নাবালিকাক ইতিমধ্যে চিকিৎসাৰ ব্যৱস্থা কৰোৱা হৈছে বুলিও আৰক্ষীয়ে জানিবলৈ দিছে ৷
সমান্তৰালকৈ অভিযুক্ত যুৱককেইটাক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে । ইফালে এই পাশৱিক কাণ্ডৰ কথা দুধনৈত বিয়পি পৰাত সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । নাবালিকাক ধৰ্ষণ কৰা অভিযুক্ত কেইটাৰ কঠোৰ শাস্তিৰ দাবী জনাইছে বিভিন্নজনে । লগতে অভিভাৱকসকলকো নিজৰ সন্তাৰ প্ৰতি গুৰুত্ব দিবলৈ একাংশ সচেতন লোকে আহ্বান জনাইছে ।
লগতে পঢ়ক :Murder case in Nagaon: মহিলাক ধৰ্ষণ কৰি উলংগ অৱস্থাত গছত ওলোমালে দুৰ্বৃত্তই