ডিমা হাছাও, 26 মাৰ্চ : উমৰাংছুস্থিত নীপকোৰ জলবিদ্যুৎ প্ৰকল্পত অঘটন ৷ ডিমা হাছাও জিলাৰ উদ্যোগ নগৰী হিচাপে পৰিচিত উমৰাংছুৰ পৰা প্ৰায় 5 কিল’মিটাৰ দূৰত্বত অৱস্থিত নীপকোৰ জলবিদ্যুৎ প্ৰকল্পত শনিবাৰে সংঘটিত হয় জল বিস্ফোৰণ (Water explosion at Neepco Hydro Power Plant) ৷ প্ৰকল্পটোৰ টাৰ্বাইনৰ পাইপ বিস্ফোৰণৰ পিচতে অঞ্চলটো হৈ পৰিছে জলমগ্ন ।
লগতে চাওক: উমৰাংচো কপিলী পাৱাৰ হাউচত বৃহৎ অঘটনঃ এজন অভিযন্তা সহ চাৰিজন সন্ধানহীন
বৃহস্পতিবাৰৰ পৰা ডিমা হাছাওত ধাৰাসাৰ বৰষুণ হৈ থকাৰ কথা জানিব পৰা গৈছে ৷ এই বৰষুণৰ ফলতেই নীপকোৰ জলবিদ্যুৎ প্ৰকল্পত সংঘটিত হয় এই জল বিস্ফোৰণ ৷ এই বিস্ফোৰণৰ পাচতেই অঞ্চলটোত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা ৷ ফলত উদ্ধাৰ অভিযানতো কিছু সমস্যাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ।
উল্লেখ্য যে, বিগত 2019 চনৰ অক্টোবৰ মাহতো উমৰাংছুস্থিত নীপকোৰ জলবিদ্যুৎ প্ৰকল্পত সংঘটিত হৈছিল অঘটন ৷ নীপকোৰ জলবিদ্যুৎ প্ৰকল্পৰ পাইপ লাইনত হোৱা বিস্ফোৰণত প্ৰকল্পটোৰ চাৰিগৰাকী কৰ্মচাৰীৰ মৃত্যু হৈছিল ।
লগতে পঢ়ক : কপিলীৰ বুকুত 7 দিনৰ অন্তত আৰম্ভ হ'ল উদ্ধাৰ অভিযান