ETV Bharat / state

Upcoming Dima Hasao Council Election : ডিমা হাছাওত বলিছে পৰিষদীয় নিৰ্বাচনৰ গৰম বতাহ - স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন

ডিমা হাছাওত বলিছে পৰিষদীয় নিৰ্বাচনৰ গৰম বতাহ ৷ শুকুৰবাৰে 30 গৰাকী লোকৰ কংগ্ৰেছত যোগদান ৷ হাফলঙৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হৈছিল যোগদান কাৰ্যসূচী ৷

Upcoming Dima Hasao Council Election
ডিমা হাছাওত বলিছে পৰিষদীয় নিৰ্বাচনী গৰম বতাহ
author img

By

Published : Jul 28, 2023, 7:45 PM IST

ডিমা হাছাওত বলিছে পৰিষদীয় নিৰ্বাচনৰ গৰম বতাহ

হাফলং, 28 জুলাই: লোকসভা নিৰ্বাচনলৈ মাজত আৰু কেইটামন মাহ ৷ নিৰ্বাচনলৈ টঙালি বান্ধিছে প্ৰতিটো ৰাজনৈতিক দলে ৷ নিজ নিজ দল শক্তিশালী কৰাত ব্যস্ত দলীয় নেতৃত্ব ৷ আৰম্ভ হৈছে যোগদানৰ ৰাজনীতি ৷ এইবাৰ পাহাৰীয়া জিলা ডিমা হাছাওত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰায় 30 গৰাকী সদস্যই কংগ্ৰেছ দলত যোগদান কৰে ৷ শুক্ৰবাৰে হাফলঙৰ ৰাজীৱ ভৱনত ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি সমৰজিৎ হাফলংবাৰ, কংগ্ৰেছৰ উপ-সভাপতি অৰিপম বড়ো, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কালীজয় চেংয়ুং, অভাষ্টিং পাঁচয়াংৰ উপস্থিতিত 30 গৰাকী লোকে কংগ্ৰেছত যোগদান কৰে ।

উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ সমান্তলাকৈ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনো সমাগত ৷ অহা নৱেম্বৰ বা ডিচেম্বৰত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ৷ পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে দলসমূহত ব্যাপক পৰিৱৰ্তন হৈছে ৷ সম্প্ৰতি ডিমা হাছাও জিলাৰ উমৰাংচোত বিভিন্ন ৰাজনৈতিক দলৰ পৰা শতাধিক সদস্যই তৃণমূল কংগ্ৰেছত যোগদানৰ পিচতে শুক্ৰবাৰে কংগ্ৰেছ দলত যোগদান কৰে বিভিন্ন ৰাজনৈতিক দলৰ 30 গৰাকী সদস্যই ৷

এই যোগদান কাৰ্যসূচীৰ পাচতে ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি সমৰজিৎ হাফলংবাৰে সাংবাদিকৰ আগতে কয়,‘ সমগ্ৰ দেশত এতিয়া পৰিৱৰ্তনৰ এক বতাহ চলিছে ৷ ঠিক তেনেদৰে ডিমা হাছাও জিলাত এতিয়া পৰিৱৰ্তনৰ বতাহ চলিছে ৷ ধৰ্মৰ নামত বিজেপিয়ে যি দৰে ৰাজনীতি কৰিছে ইয়াৰ ফলতে সাধাৰণ ৰাইজ অতিষ্ঠ হৈ পৰিছে৷ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদত যি দৰে দেবলাল গাৰ্লচাৰ নেতৃত্বত অৰাজকতা চলিছে ৷ ইয়াৰ বিৰোধিতা কৰি আজি কংগ্ৰেছ দলত যোগদান কৰে বিজেপি, তৃণমূল কংগ্ৰেছ, আৰু এএছডিচি দলৰ 30 গৰাকী সদস্যই ৷’

লগতে পঢ়ক: NCHAC chief executive member Debolal Gorlosa:দেৱলাল গাৰ্লোচাৰ বিৰুদ্ধে হাফলঙত সৰৱ কংগ্ৰেছী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.