ETV Bharat / state

2021ৰ নিৰ্বাচনক লৈ ডিমা হাছাওত বিজেপিৰ তৎপৰতা আৰম্ভ - বিধানসভা নিৰ্বাচন

ধনপাইনন থাওচেনে সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰি কয় যে, দলৰ যি কোনো সদস্যই প্ৰাৰ্থীত্বৰ বাবে আবেদন কৰিব পাৰে কিন্তু এতিয়াও এই সময় অহা নাই কাৰণ যেতিয়া নিৰ্বাচনৰ দিন তাৰিখ ঘোষণা কৰা হ’ব তেতিয়া বিজেপিৰ প্ৰাৰ্থীত্বৰ বাবে আবেদন বিচৰা হ’ব ৷

upcoming assembly election of assam
2021ৰ নিৰ্বাচনক লৈ ডিমা হাছাওত বিজেপিৰ তৎপৰতা আৰম্ভ
author img

By

Published : Oct 13, 2020, 10:14 PM IST

ডিমা হাছাও, 13 অক্টোবৰ : ৰাজ্যত বিধানসভা নিৰ্বাচন সমাগত । 2021 চনত ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব । আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ডিমা হাছাও জিলাত বিজেপি দলে সম্পূৰ্ণ প্ৰস্তুতি আৰম্ভ কৰিছে । লগতে বিৰোধী কংগ্ৰেছ দলেও নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে । মঙলবাৰে ডিমা হাছাও জিলা বিজেপিৰ সভাপতিয়ে সংবাদমাধ্যমৰ আগত কয় আগন্তক বিধানসভা নিৰ্বাচনত 16 নং হাফলং বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীত্ব কোনে লাভ কৰিব সেয়া এতিয়াও চূড়ান্ত হোৱা নাই ।

মঙলবাৰে ডিমা হাছাও জিলা বিজেপিৰ সভাপতি ধনপাইনন থাওচেনে সংবাদমাধ্যমৰ আগত কয় যে, এতিয়াও বিধানসভা নিৰ্বাচনৰ বাবে 6 মাহ বাকী আছে যাৰ বাবে 16 নং হাফলং এছ টি বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থীত্ব লৈ এতিয়া দলীয় ভাবে কোনো সিদ্ধান্ত হোৱা নাই বা সেয়া লৈ এতিয়া জিলা পৰ্যায়ত দলীয় ভাবে কোন আলোচনা অনুষ্ঠিত হোৱা নাই ।

ইপিনে ধনপাইনন থাওচেনে সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰি কয় যে, দলৰ যি কোনো সদস্যয় প্ৰাৰ্থীত্বৰ বাবে আবেদন কৰিব পাৰে কিন্তু এতিয়াও এই সময় অহা নাই কাৰণ যেতিয়া নিৰ্বাচনৰ দিন তাৰিখ ঘোষণা কৰা হ’ব তেতিয়া বিজেপিৰ প্ৰাৰ্থীত্বৰ বাবে আবেদন বিচৰা হ’ব ৷

লগতে পঢ়ক: পি. কে. দত্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.