ETV Bharat / state

ডিমা হাছাওত কৰ’ণা ৰোগীৰ বাবে নাই আইচিইউযুক্ত বিচনা - প্ৰধানমন্ত্ৰীৰ কেয়াৰ তহবিল

ডিমা হাছাওত নাই কৰ’ণা ৰোগীৰ বাবে আইচিইউ যুক্ত বিচনাৰ ব্যৱস্থা ৷ কৰ'ণাত আক্ৰান্ত গুৰুতৰ ৰোগীক গুৱাহাটীলৈ প্ৰেৰণ কৰিবলগা হোৱাত ব্যাপক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ৰোগীৰ অভিভাৱকসকল ৷

ডিমা হাছাও জিলাত কৰ‘ণা ৰোগীৰ বাবে নাই আই চি ইউ বিচনা

author img

By

Published : May 11, 2021, 10:39 PM IST

ডিমা হাছাও,11 মে': ৰাজ্যত কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা দ্ৰুতহাৰত বৃদ্ধি পোৱাৰ সময়ত হাফলং অসামৰিক চিকিৎসালয়ত কৰ'ণা আক্ৰান্ত ৰোগীৰ বাবে নাই আইচিইউৰ ব্যৱস্থা । প্ৰধানমন্ত্ৰীৰ আৰোগ্য পুঁজিৰ পৰা সাহায্য হাফলং অসামৰিক চিকিৎসালয়ত আইচিইউ স্থাপনৰ বাবে দিয়া হয়, যদিও বৰ্তমানলৈকে চিকিৎসালয়খনত নাই এই সুবিধা ৷ হাফলং অসামৰিক চিকিৎসালয়ত আইচিইউৰ ব্যৱস্থা নথকাৰ বাবে কৰ'ণাত আক্ৰান্ত গুৰুতৰ ৰোগীক গুৱাহাটীলৈ প্ৰেৰণ কৰিবলগা হৈছে । ডিমা হাছাও জিলাৰ 4 গৰাকী কৰ'ণা আক্ৰান্ত ৰোগীক ইতিমধ্যে প্ৰেৰণ কৰা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ।

ডিমা হাছাও জিলাত উন্নত চিকিৎসা ব্যৱস্থা নথকাৰ বাবে এতিয়া চিকিৎসকৰ পৰা আৰম্ভ কৰি ৰোগীসকলে ব্যাপক প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগা হৈছে । মঙলবাৰে হাফলং অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ কল্পনা কেম্প্ৰাইয়ে এই কথা স্বীকাৰ কৰে । তেওঁ কয় যে হাফলং অসামৰিক চিকিৎসালয়ত আইচিইউৰ কাম চলি আছে । চিকিৎসালয়ৰ ক’ভিড ৱাৰ্ডৰ এটা ভৱনত 11 বিচনা যুক্ত আইচিইউ নিৰ্মাণৰ কাম চলি আছে ।

ডিমা হাছাও জিলাত কৰ‘ণা ৰোগীৰ বাবে নাই আই চি ইউ বিচনা

মে’ মাহৰ ভিতৰত আইচিইউৰ নিৰ্মাণ সম্পূৰ্ণ হ’ব বুলি মন্তব্য কৰে ডাঃ কল্পনা কেম্প্ৰাইয়ে । চিকিৎসালয়ত এতিয়াও 60 টা অক্সিজেন চিলিণ্ডাৰ মজুত আছে ৷ বৰ্তমানত 8 গৰাকী ৰোগীৰ বাবে অক্সিজেনৰ সুবিধা আছে ৷ হাফলং অসামৰিক চিকিৎসালয়ত কৰ'ণা আক্ৰান্ত ৰোগীৰ বাবে 68 খন বিচনা আছে আৰু বৰ্তমানে 40 গৰাকী ৰোগীৰ চিকিৎসা চলি আছে ৷

চিকিৎসালয়খনৰ ক’ভিড ৱাৰ্ডত 28 খন বিচনা খালী আছে ৷ ইপিনে ডিমা হাছাওত ক’ভিডৰ প্ৰতিষেধকৰ নাটনিৰ সময়তে প্ৰতিষেধক চুৰি কৰোতে ধৰা পৰে এগৰাকী স্বাস্থ্যকৰ্মী । বিগত 7 মে’ৰ পৰা ডিমা হাছাওত 18-44 বছৰৰ ব্যক্তিসকলক প্ৰতিষেধক দিয়া কাৰ্য আৰম্ভ হোৱাৰ পিছতে 7, 8 আৰু 9 মে'লৈ প্ৰতিষেধক প্ৰদান কৰাৰ পিচত নাটনিৰ বাবে বন্ধ হৈ পৰিছে প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া ৷

লগতে পঢ়ক : বিজেপি বিধায়িনী দলৰ দলপতিৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.