ETV Bharat / state

আজিও অপৰিৱৰ্তিত কপিলী জলবিদ্যুৎ প্ৰকল্পৰ অৱস্থাঃ সন্ধান নাই অভিযন্তা সহ চাৰিজনৰ

author img

By

Published : Oct 12, 2019, 11:13 PM IST

উমৰাংছু কপিলী জলবিদ্যুৎ প্ৰকল্পস্থলীত সংঘটিত পাইপ লাইন বিস্ফোৰণৰ 6 দিন পাৰ হোৱাৰ পিছতো অপৰিৱৰ্তিত অৱস্থাত প্ৰকল্পস্থলী ৷ নিপকোৰ অভিযন্তাসহ চাৰিজন কৰ্মীৰ আজিলৈকে কোনো সন্ধান উলিয়াব পৰা নাই কৰ্তৃপক্ষই ।

অপৰিৱৰ্তিত অৱস্থাত কপিলী জলবিদ্যুৎ প্ৰকল্প

ডিমা হাছাও ১২ অক্টোবৰঃ উমৰাংছু কপিলী জলবিদ্যুৎ প্ৰকল্পস্থলীত সংঘটিত পাইপ লাইন বিস্ফোৰণৰ 6 দিন পাৰ হৈ যোৱাৰ পাছতো প্ৰকল্পটোলৈ ওভতি অহা স্বাভাৱিক অৱস্থা ৷ জলবিস্ফোৰণত সন্ধানহীন হোৱা নিপকোৰ অভিযন্তাসহ চাৰিজন কৰ্মচাৰীৰ আজি পৰ্যন্ত সন্ধান উলিয়াব পৰা নাই উদ্ধাৰকাৰী দলে ৷

ইতিমধ্যে ব্যক্তিকেইজনৰ পানীৰ ঢৌৰ মাজত আৱদ্ধ হৈ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে ৷ শনিবাৰে কপিলী নদীৰ প্ৰকল্পস্থিৰ নিম্ন অংশত জলস্তৰ কিছু হ্ৰাস পাইছে যদিও সন্ধানহীন হোৱা ব্যক্তি কেইজনক উদ্ধাৰৰ বাবে আজিও অভিযান চলাব নোৱাৰিলে উদ্ধাৰ অভিযানত নিয়োজিত এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দলে ৷ পানীৰ স্তৰ আৰু কিছু পৰিমাণে হ্ৰাস পালেহে উদ্ধাৰ অভিযান আৰম্ভ কৰিব পৰা যাব বুলি নিপকো কৰ্তৃপক্ষই জানিবলৈ দিছে ।

ইফালে কপিলী জলবিদ্যুৎ প্ৰকল্পত সংঘটিত দুৰ্ঘটনাৰ বাবে নিপকো কৰ্তৃপক্ষক দায়ী কৰিছে ডিমাছা ষ্টুডেন্টস ইউনিয়ন ও কাৰ্বি ষ্টুডেন্টস এছোচিয়েচনকে ধৰি বিভিন্ন দল সংগঠনে ৷ যোৱা ৭ অক্টোবৰত সংগঠিত এই দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে বিভিন্ন দল সংগঠনে । আনহাতে নিপকো কৰ্তৃপক্ষই জনোৱা মতে ২০০৮ পৰা কপিলী নৈৰ পানীত ছালফিউৰিক এচিডৰ মাত্ৰা বৃদ্ধি পোৱাৰ কাৰণে প্ৰকল্পটো ক্ষতিগ্ৰস্ত হৈছে ।

অপৰিৱৰ্তিত অৱস্থাত কপিলী জলবিদ্যুৎ প্ৰকল্প

আৰু পঢ়ক

Intro:ডিমা হাছাও ১২ অক্টোবৰ: উমৰাংচো কপিলী জল বিদ্যুৎ প্ৰকল্প স্থলত পাইপ লাইন বিস্ফোৰণ হোৱাৰ ছয় দিন পাৰ হোৱাৰ পিছত ও নিপকোৰ এক অভিযন্তা সহ চাৰিজন কৰ্মীৰ আজিলৈকে কোন সন্ধান উলিয়াব পৰা নাই কৰ্তৃপক্ষই। ইতিমধ্যে এই চাৰিজন কৰ্মীৰ মৃত্যুৰ আশংকা কৰা হৈছে। আজিৰ পৰা কিছু পৰিমানে পানীৰ স্তৰ হ্ৰাস পালে ও নিপকোৰ চাৰিজন কৰ্মীক উদ্ধাৰৰ কাৰণে আজি ও অভিযানত নামিব পৰা নাই এনডিআৰএফ আৰু এছডিআৰএফ। পানীৰ স্তৰ আৰু কিছু পৰিমানে হ্ৰাস পালেহি উদ্ধাৰ অভিযানত নামিব উদ্ধাৰকাৰী দলটো বুলি নিপকো কৰ্তৃপক্ষই জানিব লৈ দিয়ে। Body:ইপিনে ডিফু লোকসভাৰ সমষ্টিৰ সংসদ হৰেন সিং বে কয় নিপকো কৰ্তৃপক্ষৰ অৱহেলাৰ কাৰণেই এই ভয়ংকৰ দুৰ্ঘটনা সংগঠিত হৈছে যোৱা ৪৩ বছৰৰ পৰা ক্ৰমাগত চলিয়াছে এই প্ৰকল্পখন পাঁচ বছৰ আগতেই বান্ধ খন মেৰামতি কৰিব লাগিছিলি কিন্তু সময়মতে বান্ধখন জল পৰিবাহী পাইপ লাইনখন মেৰামতি কৰাত ব্যৰ্থ হোৱাৰ কাৰণে ৭ অক্টোবৰ ৰাতিপুৱা পাইপ লাইন বিস্ফোৰণ হৈ কপিলী জল বিদ্যুৎ প্ৰকল্পৰ পাৱাৰ হাউচ তচনচ কৰি পেলায় পানীৰ সতে। Conclusion:কপিলী জল বিদ্যুৎ ট্ৰেজেদিৰ কাৰণে নিপকো কৰ্তৃপক্ষক দায়ী কৰে ডিমাছা ষ্টুডেন্টস ইউনিয়ন ও কাৰ্বি ষ্টুডেন্টস এছোচিয়েচনকে ধৰি বিভিন্ন দল সংগঠনে ২০১০ চনৰ পৰা পৰ্যাপ্ত কৰ্মী নাই ইয়াৰ কাৰণেই এই দুৰ্ঘটনা সংঘটিত হয় বুলি অভিযোগ। যোৱা ৭ অক্টোবৰত সংগঠিত এই দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে বিভিন্ন দল সংগঠনে। আনহাতে নিপকো কৰ্তৃপক্ষই জনোৱা মতে ২০০৮ পৰা কপিলী নৈৰ পানীত ছালফিউৰিক এচিডৰ মাত্ৰা বৃদ্ধি পোৱাৰ কাৰণে প্ৰকল্পটোক ক্ষতিগ্ৰস্ত কৰিছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.