ETV Bharat / state

মণিপুৰৰ ভূমিস্খলনত সন্ধানহীন ডিমা হাছাওৰ ২ সেনা জোৱান - মণিপুৰ

হাফলং আৰু উমৰাংচুৰ যুৱক দুগৰাকী উক্ত ভূমিস্খলনৰ ঘটনাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে (Two youth from Haflong and Umrangsu missing in landslide) । সন্ধানহীন জোৱান দুজনৰ এজন নিম্ন হাফলঙৰ কাশীপুৰৰ প্ৰিয়ম দত্ত বুলি জানিব পৰা গৈছে । অৱশ্যে উমৰাংচুৰ সন্ধানহীন যুৱকজনৰ নাম এতিয়ালৈকে জানিব পৰা হোৱা নাই ।

A
A
author img

By

Published : Jul 1, 2022, 5:34 PM IST

ডিমা হাছাও, ১ জুলাই : বুধবাৰে মণিপুৰত সংঘটিত হয় ভয়ানক ভূমিস্খলৰ ঘটনা (Tragic landslide in Manipur) । বুধবাৰে সন্ধিয়া মণিপুৰৰ নোনি জিলাৰ টোপোল ৰে'ল ষ্টেচনৰ সমীপত ভূমিস্খলনৰ ফলত এটা ভাৰতীয় সেনাৰ শিবিৰ সম্পূৰ্ণভাৱে ধ্বংস হয় (Army camp destroyed in landslide in Manipur) । আনহাতে, মণিপুৰত সংঘটিত ভয়ংকৰ ভূমিস্খলনৰ ঘটনাত সন্ধানহীন হৈ আছে ডিমা হাছাও জিলাৰ দুই সেনা জোৱান (Dima Hasao youth missing in Manipur landslide) ।

উল্লেখ্য, উক্ত শোকাবহ ভূমিস্খলনৰ ঘটনাত 107 টি এ আৰ্মীৰ 9 গৰাকী জোৱানে (9 Army died in Manipur landslide) ইতিমধ্যে অকাল মৃত্যুক সাবটি ল'বলগা হৈছে । আনহাতে, ভাৰতীয় সেনা জোৱানৰ লগতে মুঠ 54 গৰাকী লোক সন্ধানহীন হৈ আছে । উক্ত সন্ধানহীন ভাৰতীয় সেনা জোৱানসকলৰ মাজতে আছে ডিমা হাছাও জিলাৰ দুগৰাকী যুৱক । হাফলং আৰু উমৰাংচুৰ যুৱক দুগৰাকী উক্ত ভূমিস্খলনৰ ঘটনাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে (9 Army died in Manipur landslide) ।

সন্ধানহীন জোৱান দুজনৰ এজন নিম্ন হাফলঙৰ কাশীপুৰৰ প্ৰিয়ম দত্ত বুলি জানিব পৰা গৈছে । অৱশ্যে উমৰাংচুৰ সন্ধানহীন যুৱকজনৰ নাম এতিয়ালৈকে জানিব পৰা হোৱা নাই । ইপিনে এই ঘটনাৰ পিছতে নিম্ন হাফলঙৰ প্ৰিয়ম দত্তৰ ঘৰত বৰ্তমান এক শোকাকুল পৰিবেশৰ সৃষ্টি হৈছে । আনহাতে, প্ৰিয়ম দত্ত বৰ্তমান জীয়াই আছেনে নাই তাকে লৈ এতিয়া পৰিয়ালটোৰ লগতে গাঁৱৰ বাসিন্দাসকল গভীৰ উৎকণ্ঠাৰে আছে । প্ৰিয়ম দত্তৰ পিতৃ-মাতৃৰ অৱস্থা শোচনীয় হৈ পৰিছে ।

এই দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছৰে পৰা তেওঁলোক শোকতে বাকৰুদ্ধ হৈ পৰিছে । আহাতে, আশাবাদী প্ৰিয়মৰ পৰিয়ালটোৰ লোকসকলে আগ্ৰহেৰে বাট চাই আছে তেওঁলোকৰ পুত্ৰ ঘৰলৈ ঘূৰি আহিব বুলি । মুঠতে ক'বলৈ গ'লে প্ৰিয়ম দত্তৰ ঘৰত এতিয়া এক গোমোথা আৰু শোকাকুল পৰিবেশে বিৰাজ কৰিছে । তাৰ মাজতে সকলোৱে এতিয়া প্ৰাৰ্থনা কৰিছে, প্ৰিয়ম দত্ত যেন জীৱিত অৱস্থাত ঘূৰি আহে ।

লগতে পঢ়ক :মণিপুৰত ভয়ংকৰ ভূমিস্খলন: ৯ গৰাকী ভাৰতীয় সেনাসহ এগৰাকী সাধাৰণ নাগৰিকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.