ডিমা হাছাও,১৮ জুলাই: ২০০৭ চনত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ তদানীন্তন মুখ্য কাৰ্যবাহী বিষয়া পুৰ্নেন্দু লাংথাচা আৰু কাৰ্যবাহী বিষয়া নিন্দু লাংথাচাক আলোচনাৰ বাবে মাতি নি গুলিয়াই হত্যা কৰিছিল উগ্ৰপন্থী সংগঠন ডিএইচডি(জে)ৰ সদস্যই । ঘটনাৰ ১৩ বছৰৰ পিছত যোৱা ২৫ জুনত এই গোচৰৰ চার্জচিট ডিমা হাছাও আৰক্ষীয়ে হাফলং মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত জমা দিয়ে ।
![two ex militant arrest in dima hasao](https://etvbharatimages.akamaized.net/etvbharat/prod-images/_18072020192218_1807f_1595080338_977.jpg)
পুৰ্নেন্দু লাংথাচা আৰু নিন্দু লাংথাচাক হত্যাৰ গোচৰত ডিমা হাছাও আৰক্ষীয়ে আদালতত জমা দিয়া চার্জচিটত উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ বৰ্তমানৰ মুখ্য কাৰ্যবাহী বিষয়া দেৱলাল গাৰ্লোচাৰ লগতে আন ৫ গৰাকী প্ৰাক্তন উগ্ৰপন্থী সংগঠনৰ সদস্যক অভিযুক্ত কৰি নাম উল্লেখ কৰা হৈছিল ।
ৰাজ্যৰ গৃহ বিভাগে এই হত্যাৰ গোচৰত অভিযোগকাৰী পক্ষক অনুমতি দিয়াৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা ২৫ জুনত এক শুনানি গ্ৰহণ কৰি কংগ্ৰেছ নেতা পুৰ্নেন্দু লাংথাচা আৰু নিন্দু লাংথচাৰ হত্যাৰ গোচৰ নিম্ন আদালতত চলোৱাৰ বাবে নিৰ্দেশ দিয়ে । বৰ্তমানে এই হত্যাৰ গোচৰত অভিযুক্ত দেৱলাল গাৰ্লোচা জামিনত মুকলি হৈ আছে ।
লগতে চাওকঃ বিহাৰত ভয়ংকৰ ৰূপ ধাৰণ বানপানীৰ, 30টা খণ্ড প্ৰভাৱিত