ডিমা হাছাও, 8 জুলাইঃ 1973 চনত ডিমা হাছাওৰ লাংটিং হাচিন গাঁৱত নিৰ্মাণ কৰোৱা হৈছিল খাদী ব'ৰ্ডৰ কাৰ্যালয় ৷ কিন্তু 1986 চনৰ পাচত বন্ধ হৈছিল কাৰ্যলয়টো ৷ তাৰ পৰৱৰ্তী সময়ত কাৰ্যালয়টো বন্ধ হৈ পৰাত সেই স্থানতে পূৰ্বৰ কাৰ্যালয় ঘৰটো ভাঙি নাচঘৰ (বাইকো) নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল গাঁওবাসীয়ে ৷ উল্লেখ্য যে,লাংটিং এলেকাত খাদী ব'ৰ্ডৰ কাৰ্যালয় নতুনকৈ স্থাপন কৰিবলৈ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদে 2 বিঘা ভূমি আবণ্টন দিয়ে ৷ কিন্তু গাঁওবাসীৰ নাচঘৰ নিৰ্মাণৰ সিদ্ধান্তৰ বিৰোধিতা কৰে ডিমাছা মহিলা সংগঠনৰ তিনিগৰাকী মহিলাই ৷ সংগঠনটোৰ সভানেত্ৰী ৰিংমিলা হোজাই, দিনলা লাংথচা আৰু পলজিত আৰদাওৱে নাচঘৰ নিৰ্মাণৰ সিদ্ধান্তৰ বিৰুদ্ধে আদালতত এখন গোচৰ ৰুজু কৰে বুলি অভিযোগ উত্থাপন হৈছে ৷ যাক লৈ সম্প্ৰতি সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছে বিতৰ্কৰ ৷
যাৰ বাবে বুধবাৰে এখন সভা অনুষ্ঠিত কৰে হাচিন গাঁৱৰ গাঁওবুঢ়া জয়লন্ত পৰ্ব আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিসদৰ প্ৰাক্তন ইএম ভদ্ৰমণি লাংথাচাই ৷ মহিলা কেইগৰাকীয়ে নাচঘৰ নিৰ্মাণত বিৰোধিতা কৰাৰ বাবে গাঁও খনৰ গাঁওবুঢ়া গৰাকীয়ে তিনিওগৰাকী মহিলাৰ পৰিয়ালকে সেই সমাজৰ পৰা এঘৰীয়া কৰে ৷ লগতে তেওঁলোকক গাঁওখনৰ কোন আনুষ্ঠানিক কাৰ্যতে অংশগ্ৰহণ নকৰিবলৈ সকীয়নি প্ৰদান কৰে ৷ গাঁওখনৰ বিষয়ববীয়া সকলে জানিবলৈ দিয়া অনুসৰি, এই সমস্যা সমাধানৰ বাবে তিনিওগৰাকী মহিলাকে গাঁওসভাৰ আয়োজন কৰি আমন্ত্ৰণ কৰা হৈছিল যদিও, এখনো সভাত উপস্থিত নহ'ল মহিলা তিনিগৰাকী ৷ যাৰ বাবে গাঁৱৰ 165 পৰিয়ালে বুধবাৰে অনুষ্ঠিত সভাত উপস্থিত হৈ পৰিয়াল তিনিটাক সামাজিকভাৱে এঘৰীয়া কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে গাঁওবুঢ়া জয়নন্ত পৰ্ব আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিসদৰ প্ৰাক্তন ইএম ভদ্ৰমণি লাংথাচাই ৷
লগতে পঢ়কঃ মৰিগাঁৱৰ এটা পৰিয়ালৰ কৰুণ কাহিনী