হাফলং, 8 এপ্ৰিল : ডিমা হাছাওত অঘটন ৷ শনিবাৰে ডিমা হাছাও জিলাৰ উমৰাংচো দিয়ুংমুখ পথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Dima Hasao) ৷ এই দুৰ্ঘটনাত এগৰাকী মহিলাসহ মুঠ তিনিগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় আন চাৰিগৰাকী লোক । এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত পৰিছে এক শোকৰ ছাঁ (Dima Hasao road accident news) ৷
স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, এএছ 02 25986 নম্বৰৰ এখন স্ক’ৰপিও বাহন তীব্ৰ গতিত আহি আছিল ৷ তেনেতে হঠাৎ বাহনখনে উমৰাংচো-দিয়ুংমুখ পথৰ ওয়াছলিংবাৰী এলেকাত পথৰ কাষত থকা এডাল গছত খুন্দিয়াই ৷ ফলত থিতাতে মৃত্যু হয় এগৰাকী মহিলাসহ তিনিগৰাকী যাত্ৰীৰ (Three men died in a Terrible road accident at Dima Hasao) ৷
লগতে পঢ়ক : Tense situation during Ifter: ধূপগুৰি জামে মছজিদৰ ইফটাৰ মেহফিলত উত্তপ্ত পৰিস্থিতি
ইফালে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচতে খবৰ দিয়া হয় আৰক্ষীক ৷ এই দুৰ্ঘটনাৰ খবৰ লাভ কৰিয়েই উক্ত স্থানত উপস্থিত হয় দিয়ংমুখ আৰক্ষীৰ এটা দল (Road accident news) ৷ তাৰ পাচতে আৰক্ষীৰ দলটোৱে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত কেইগৰাকীক উদ্ধাৰ কৰি লংকা হাস্পতাললৈ প্ৰেৰণ কৰে (Lanka Hospital) । লগতে এই দুৰ্ঘটনাত মৃত্যু হোৱা আন তিনিগৰাকীৰ মৃতদেহ উমৰাংচো হাস্পতাললৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে (Three died in road accident) ।
আনহাতে, বাতৰি যুগুত কৰা পৰলৈকে জানিব পৰা হোৱা নাই দুৰ্ঘটনাত মৃত্যু হোৱা মহিলাগৰাকীৰ নাম । অৱশ্যে এই দুৰ্ঘটনাত মৃত্যু হোৱা আন দুইগৰাকী লোক ক্ৰমে সৌমিত্ৰ লাংথাচা আৰু প্ৰচেনজিত নাইডিং বুলি চিনাক্ত কৰা হৈছে । অৱশ্যে এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা চাৰিগৰাকী লোকৰো পৰিচয় উদ্ধাৰ হোৱা নাই (Dima Hasao road accident Update)।
লগতে পঢ়ক : Food poisoning in Dima hasao: দৈ খাই চিকিৎসাধীন 30 জনো অধিক