ডিমা হাছাও, 28মাৰ্চঃ ডিমা হাছাও জিলাত লক ডাউনৰ মাজতে চুৰিৰ ঘটনা। কৰ'ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সামাজিক দূৰত্ব বজাই ৰখাৰ কাৰণে লক ডাউন কৰা হৈছে সমগ্ৰ দেশ। ডিমা হাছাও জিলাৰ বহু এলেকাত ৰাইজে লক ডাউন অমান্য কৰি বজাৰ কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে ৷ মাইবাঙত শুকুৰবাৰে লক ডাউন অমান্য কৰি ৰাইজ ওলাই আহিছিল বজাৰত অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰাৰ বাবে। কিন্তু লক ডাউন অমান্য কৰাৰ বাবে মাইবাং আৰক্ষীয়ে বজাৰ বন্ধ কৰি দিয়াৰ লগতে বজাৰৰ পৰা ৰাইজক ঘৰলৈ খেদি পঠায় আৰু দোকান পোহৰ বন্ধ কৰি দিয়ে ৷ ইয়াৰ মাজতেই শুকুৰবাৰে নিশা মাইবাং বজাৰত চুৰিৰ ঘটনা সংঘটিত হয় ।
মাইবাং বজাৰত বহু কেইখন দোকানত এই চুৰিৰ ঘটনা সংঘটিত হয়। মাইবাং চহৰত এখন চাউলৰ গুদামৰ পৰা 20 বস্তা চাউল চুৰি কৰি লৈ যায় চোৰৰ দলটোৱে। ইয়াৰ উপৰি মাইবাং বজাৰত গেলামাল আৰু ইলেক্ট্ৰিক দোকানৰ দৰজা ভাঙি চুৰি কৰি লৈ যায় বহু সামগ্ৰী । ইয়াৰ পিছত শনিবাৰে ৰাতিপুৱা মাইবাং আৰক্ষীয়ে অভিযান চলাই মাইবাঙৰ এটা ঘৰৰ পৰা দুটা চোৰক কৰায়ত্ব কৰাৰ লগতে চুৰি হোৱা 20 বেগ চাউল উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷