ETV Bharat / state

হাফলঙত কংগ্ৰেছৰ 'অসম বচাও' অভিযান

author img

By

Published : Feb 25, 2021, 9:42 PM IST

ডিমা হাছাও জিলাৰ হাফলঙত কংগ্ৰেছ দলে অসম বচাও কাৰ্যসূচী ৰূপায়ণ কৰে । হাফলঙৰ এই কাৰ্যসূচীত উপস্থিত থাকি সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱ আৰু ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী অজিত সিঙে হাফলং চৰকাৰী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে ।

হাফলঙত কংগ্ৰেছৰ 'অসম বচাও' অভিযান
হাফলঙত কংগ্ৰেছৰ 'অসম বচাও' অভিযান

ডিমা হাছাও,২৫ফেব্ৰুয়াৰী: ২০২১ৰ বিধানসভা নিৰ্বাচনৰ লগত সংগতি ৰাখি ৰাজ্যজুৰি কংগ্ৰেছ দলে 'অসম বচাও' অভিযান আৰম্ভ কৰিছে। যোৱা এক সপ্তাহ ধৰি বৰাক উপত্যকাত অসম বচাও অভিযান কাৰ্যসূচীৰ পিছত বৃহস্পতিবাৰে হাফলঙত কংগ্ৰেছ দলে অসম বচাও কাৰ্যসূচী ৰূপায়ণ কৰে। হাফলঙৰ এই কাৰ্যসূচীত উপস্থিত থাকি সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱ আৰু ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী অজিত সিঙে হাফলং চৰকাৰী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে । লগতে হাফলং চহৰৰ বিভিন্ন ঠাইত ৰাইজৰ সৈতে মত বিনিময় কৰে কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱে ।

হাফলঙত কংগ্ৰেছৰ 'অসম বচাও' অভিযান

অনুষ্ঠানত ভাগ লৈ সুস্মিতা দেৱে সাংবাদিকৰ আগত কয় যে অহা নিৰ্বাচনত কংগ্ৰেছ মিত্ৰজোঁটে ১০১ খন আসন পাৱলৈ সক্ষম হ'ব । লগতে এইবাৰ নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দিতা নকৰে যদিও দলৰ হৈ কাম কৰি যাব বুলি মন্তব্য কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে । তেওঁ লগতে কয় যে কংগ্ৰেছৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী কোন হ'ব সেয়া দলৰ শীৰ্ষ নেতৃত্বই নিৰ্ধাৰণ কৰিব । ইপিনে শিলচৰ-সৌৰাষ্ট্রৰ ইষ্ট-ৱেষ্ট ৰাষ্ট্ৰীয় ঘাইপথৰ ৩৩ কিলোমিটাৰ অংশ নিৰ্মাণত চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হোৱাত বিজেপিক তীব্ৰ সমালোচনা কৰে সুস্মিতা দেৱে।

লগতে পঢ়ক:গোৱালপাৰাত মহিলাসকলক আৰ্থিক অনুদান আৰু স্কুটী বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.