ETV Bharat / state

বৰদিনলৈ মাত্ৰ পাঁচ দিন : ডিমা হাছাওৰ থুৰুকত আৰম্ভ হৈছে তুষাৰপাত - ডিমা হাছাও জিলাৰ সদৰ চহৰ হাফলং

ডিমা হাছাও জিলাৰ থুৰুক গাঁৱত আৰম্ভ হৈছে তুষাৰপাত(Snowfall in Assam)। যাৰ বাবে এতিয়া ডিমা হাছাও জিলাৰ শীতলতম গাঁও হৈ পৰিছে থুৰুক । এই তুষাৰপাতৰ বাবেই ডিমা হাছাও জিলাত এতিয়া শীতৰ প্ৰকোপ বৃদ্ধি পাইছে ব্যাপক হাৰত(Snowfall in Dimahasao) । সবিশেষ জানো আহক ৷

Snowfall in thuruk village of Dimahasao
বৰদিনলৈ মাত্ৰ পাঁচ দিন : ডিমা হাছাওৰ থুৰুকত আৰম্ভ হৈছে তুষাৰপাত
author img

By

Published : Dec 20, 2021, 7:55 PM IST

ডিমা হাছাও, 20 ডিচেম্বৰ : ডিচেম্বৰ মাহতেই অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাও জিলাৰ থুৰুক গাঁৱত আৰম্ভ হৈছে তুষাৰপাত(Snowfall in Assam)। যাৰ বাবে এতিয়া ডিমা হাছাও জিলাৰ শীতলতম গাঁও হৈ পৰিছে থুৰুক । এই তুষাৰপাতৰ বাবেই ডিমা হাছাও জিলাত এতিয়া শীতৰ প্ৰকোপ বৃদ্ধি পাইছে ব্যাপক হাৰত(Snowfall in Dimahasao) ।

ডিমা হাছাও জিলাৰ সদৰ চহৰ হাফলংৰ পৰা প্ৰায় 120 কিলোমিটাৰ দূৰত তথা হাৰেংগাজাওৰ পৰা 41 কিলোমিটাৰ দূৰত থকা এই থুৰুক গাঁওখন অৱস্থিত অসমৰ ডিমা হাছাও আৰু মেঘালয় সীমান্তত ।

উল্লেখযোগ্য যে, প্ৰায়ে বৰদিনৰ পিছত প্ৰচণ্ড শীতৰ প্ৰকোপ বাঢ়ে অঞ্চলটোত ৷ কিন্তু চলিত বছৰটোত বৰদিনৰ আগতেই অহা তুষাৰপাতৰ ফলত এতিয়া প্ৰচণ্ড শীতৰ প্ৰকোপ পৰিছে মেঘালয়ৰ নিচেই কাষৰীয়া অঞ্চলটোত ৷ মন কৰিব লগীয়া যে, সোমবাৰে হাফলং চহৰৰ সৰ্বনিম্ন তাপমাত্ৰা আছিল 10 ডিগ্ৰী চেলচিয়াছ ।

লক্ষ্যণীয়ভাৱে, এই প্ৰচণ্ড শীতৰ বাবে এতিয়া সন্ধিয়া হোৱাৰ লগে লগে হাফলং চহৰৰ জনজীৱন একেবাৰে শূন্য হৈ পৰে(Haflong town in Assam) । ইফালে, বৰদিনলৈ মাত্ৰ পাঁচ দিন থকা অৱস্থাত এতিয়া এই প্ৰচণ্ড শীতো উপেক্ষা কৰি ডিমা হাছাও জিলাত চলিছে বৰদিন পালনৰ প্ৰস্তুতি (Christmas preparation in Dima hasao)। ইয়াৰ উপৰি থুৰুক গাঁৱৰ তুষাৰপাত উপভোগ কৰাৰ বাবে পৰ্যটক সকলৰ ভিৰ বাঢ়িছে গাঁও খনত ।

লগতে পঢ়ক : Six New Omicron cases found in Delhi : বৰ্তমানলৈকে দিল্লীত অ’মিক্ৰণত আক্ৰান্ত 28 গৰাকী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.