ETV Bharat / state

East West corridor: দুটা দশকতো সম্পূৰ্ণ হোৱা নাই শিলচৰ সৌৰাষ্ট্ৰ সংযোগী ঘাইপথৰ নিৰ্মাণ

author img

By

Published : May 31, 2023, 4:54 PM IST

আজিও আধৰুৱা হৈয়ে থাকিল প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ এটা সপোনৰ প্ৰকল্প ৷ এতিয়াও নিৰ্মাণ সম্পূৰ্ণ হোৱা নাই 2001 চনতে নিৰ্মাণ আৰম্ভ হোৱা শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট ক’ৰিডৰ চাৰিলেনযুক্ত ঘাইপথৰ ৷ অতি লেহেমীয়া গতিৰে চলি থকা এই নিৰ্মাণ কাৰ্য কেতিয়া সম্পূৰ্ণ হ’ব সেয়া অনিশ্চয়তাত (Four lane highway construction) ৷

East West corridor
Silchar Saurastra four lane highway construction

হাফলং 31 মে’: দুটা দশকতো সম্পূৰ্ণ হোৱা নাই শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট ক’ৰিডৰ চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণৰ কাম । প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সপোনৰ প্ৰকল্প শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণৰ কামৰ আধাৰশিলা স্থাপন কৰা হৈছিল 1998 চনত । লক্ষ্য এটাই আছিল, অসমৰ বৰাক উপত্যকাৰ শিলচৰ আৰু গুজৰাটৰ সৌৰাষ্ট্ৰৰ মাজত যোগাযোগ ব্যৱস্থা উন্নত কৰা ৷ কিন্তু দুটা দশক অতিক্ৰম কৰিলেও আজিলৈকে সম্পূৰ্ণ হোৱা নাই শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট ক’ৰিডৰৰ চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণৰ কাম (Silchar to Saurastra four lane highway)।

উল্লেখযোগ্য যে, ৰাজ্যৰ অন্যান্য অংশত এই চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিছে যদিও অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ মাজেদি যোৱা এই চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণৰ কাম আজিলৈকে সম্পূৰ্ণ কৰিব পৰা নাই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে । কাছাৰ জিলাৰ বালাচৰাৰ পৰা ডিমা হাছাও জিলাৰ হাৰেংগাজাওলৈকে 25 কিলোমিটাৰ অংশত পথ নিৰ্মাণৰ কাম এতিয়াও বাকী আছে (East West corridor four lane highway) ।

একেদৰে ডিমা হাছাও জিলাৰ মাইবাঙৰ নিৰিমবাংলাৰ পৰা হাৰেংগাজাওলৈ 49 কিলোমিটাৰ অংশৰো চাৰিলেনযুক্ত পথ নিৰ্মাণৰ কাম বাকী আছে । বৰ্তমান NHIDCL-ৰ বালাচৰাৰ পৰা হাৰেংগাজাওলৈ 25 কিলোমিটাৰ পথ নিৰ্মাণৰ কামত নিয়োজিত আছে সূচী ইনফ্ৰা প্ৰাইভেট লিমিটেড কোম্পানী নামৰ এটা নিৰ্মাণ সংস্থা ৷ ইফালে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধীনত নিৰিমবাংলাৰ পৰা হাৰেংগাজাওলৈ 49 কিলোমিটাৰ অংশৰ চাৰিলেনযুক্ত পথ নিৰ্মাণৰ কাম কৰি আছে গুজৰাটৰ দীনেশ চন্দ্ৰ আৰ আগৰৱালা ইনফ্ৰা প্ৰাইভেট লিমিটেড নামৰ নিৰ্মাণ সংস্থাটোৱে (Four lane highway construction) ।

লগতে পঢ়ক: Vande Bharat Express: অসমবাসীলৈ উপহাৰ; গুৱাহাটীৰ পৰা নিউ জলপাইগুৰিলৈ যাত্ৰা আৰম্ভ বন্দে ভাৰত এক্সপ্ৰেছৰ

যদিও শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট ক’ৰিডৰৰ চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হৈছিল 1998 চনত । কিন্তু এই চাৰিলেন পথ নিৰ্মাণৰ কাম আৰম্ভ হয় 2001 চনত । কিন্তু প্ৰথমতে ডিমা হাছাও জিলাত উগ্ৰপন্থী সমস্যাৰ বাবে এই চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণৰ কাম আগবাঢ়িব পৰা নাছিল ৷ একেদৰে ভূ-তাত্ত্বিক সমস্যা আৰু ভূমি অধিগ্ৰহণৰ সমস্যা তথা কাছাৰৰ বালাচৰাৰ পৰা হাৰেংগাজাওলৈকে 25 কিলোমিটাৰ অংশতো বৰাইল অভয়াৰণ্য হোৱাত বিভাগীয় বাধাৰ কাৰণে কাম আগবঢ়া নাছিল (Militancy in NC hills) ।

কিন্তু 2009 চনত ডিএইচডি জুৱেল গোটৰ উগ্ৰপন্থী সংগঠনটোৱে অস্ত্ৰ সম্বৰণ কৰি জাতীয় জীৱনৰ মূলসুঁতিলৈ ঘূৰি অহাৰ পিচতে অসমৰ অন্যতম পাহাৰীয়া জিলাৰ শান্তি ঘূৰি আহে ৷ তাৰ পিচতেই এই চাৰিলেন ঘাইপথ নিৰ্মাণৰ যি প্ৰধান বাধা ভূমি অধিগ্ৰহণৰ সমস্যা সেয়াই আঁতৰ হয় ৷ লগতে বৰাইল অভ্যাৰণৰ বন বিভাগৰ অনুমতি সকলো সমস্যাৰ সমাধান হোৱাৰ পিচতে শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিডৰ চাৰিলেন ঘাইপথ নিৰ্মাণৰ কাম আৰম্ভ হয় যদিও, এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই ।

পূৰ্বৰ 54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু বৰ্তমানৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেদি চলি আছে এই চাৰিলেন ঘাইপথ নিৰ্মাণৰ কাম । কিন্তু বৰ্তমান ঘাইপথ নিৰ্মাণৰ কাম চলি আছে সম্পূৰ্ণ ধীৰ গতিত ৷ এই অৱস্থাত কেতিয়া শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট চাৰিলেন ঘাইপথ নিৰ্মাণৰ কাম সম্পূৰ্ণ হয় সেয়া এতিয়াও অনিশ্চিত ৷

লগতে পঢ়ক: Assam government griha pravesh ceremony: এইবাৰ গৃহ প্ৰৱেশ অনুষ্ঠানৰ আয়োজন কৰিব ৰাজ্য চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.