ETV Bharat / state

লোকসভা নিৰ্বাচন:ডিমা হাছাওত কটকটীয়া নিৰাপত্তা ব্যৱস্থা - হাফলং জিলা উপায়ুক্তৰ কাৰ্যালয়

অসমৰ ১৪ টাকৈ লোকসভা সমষ্টিৰ ভোট গণনাৰ পূৰ্বে সাজু হৈ পৰিছে ডিমা হাছাও জিলা প্ৰশাসন। ভোট গণনাৰ বাবে সাজু কৰা হৈছে তিনিতৰপীয়া নিৰাপত্তা ব্যৱস্থা ।

লোকসভা নিৰ্বাচন : ডিমা হাছাওত কটকটীয়া নিৰাপত্তা ব্যৱস্থা
author img

By

Published : May 22, 2019, 7:33 PM IST

ডিমা হাছাও,২২ মে': বৃহস্পতিবাৰে পুৱা ৮ বজাৰ পৰা অসমৰ ১৪ টাকৈ লোকসভা সমষ্টিত আৰম্ভ হ'ব লোকসভা নিৰ্বাচনৰ ভোট গণনা । ইয়াৰ বাবে সাজু হৈছে ৰাজ্যৰ প্ৰতিখন জিলা প্ৰশাসনৰ নিৰাপত্তা ব্যৱস্থা। হাফলং জিলা উপায়ুক্তৰ কাৰ্যালয়ত সম্পন্ন হ'বলগীয়া ভোট গণনাৰ বাবে তিনিতৰপীয়া নিৰাপত্তা বেষ্টনীৰ ব্যৱস্থা কৰিছে ডিমা হাছাও জিলা প্ৰশাসনে। জিলা উপায়ুক্ত তথা নিৰ্বাচনী বিষয়া অমিতাভ ৰাজখোৱাই নিৰাপত্তাৰ দিশত অধিক গুৰুত্ব দিয়া বুলি কোৱাৰ লগতে কাৰ্যালয়ৰ ২০০ মিটাৰলৈকে তিনিতৰপীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ কথা জানিবলৈ দিয়ে। উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ২০০ মিটাৰৰ ভিতৰত যান-বাহন তথা সাধাৰণ মানুহৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে।

লোকসভা নিৰ্বাচন : ডিমা হাছাওত কটকটীয়া নিৰাপত্তা ব্যৱস্থা

হাফলং বিধানসভা সমষ্টিৰ পাঁচটা ইভিএমৰ ভিপিপেট গণনা বাধ্যতামূলক কৰা হৈছে । আনহাতে,হাফলং বিধানসভা সমষ্টিৰ ২৪২ টা ভোটগ্ৰহণ কেন্দ্ৰত ১৮ টা ৰাউণ্ডত ভোট গণনা কৰা হ'ব বুলি জানিবলৈ দিয়ে নিৰ্বাচনী বিষয়া অমিতাভ ৰাজখোৱাই।

Intro:ডিমা হাছাও ২২ মে: অহাকালি গোটেই দেশৰ লগতে ডিফু স্বায়ত্ব শাসিত লোকসভা সমষ্টিৰ অন্তৰ্গত হাফলং বিধানসভা সমষ্টিৰ ভোট গণনা ৰাতি পোৱা ৮ বজাৰ পৰা আৰম্ভ হব হাফলং জেলা উপায়ুক্তৰ কাৰ্যালয়ত। ইতিমধ্যে কটকটীয়া নিৰাপত্তাৰ মাজত ভোট গণনালৈ সাজোঁ হৈছে ডিমা হাছাও জিলা প্ৰশাসন।Body:অহাকালি টিনতৰপীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আৰম্ভ হব ভোট গণনা। জিলা উপায়ুক্ত তথা নিৰ্বাচনী বিষয়া অমিতাভ ৰাজখোৱা আজি জানিবলৈ দিয়ে নিৰাপত্তাৰ দিশতে অধিক গুৰুত্ব দিয়া হৈছে। জিলাউপায়ুক্তৰ কাৰ্যালয়ৰ ২০০ মিটাৰ ভিতৰত আৰক্ষীৰ তিনিতৰপীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। জিলাউপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ২০০ মিটাৰ ভিতৰত যান বাহন সমূহ ও সাধাৰণ মানুহৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে।Conclusion:হাফলং বিধানসভা সমষ্টিৰ পাঁচটা ইভিএমৰ ভিপিপেট গণনা কৰা হব বাধ্যতামূলক। ইয়াৰ উপৰি অতিৰিক্ত হিচাবত কোন ইভিএমত কাৰীগৰি বিচ্যুতি দিয়ে যদি তেনেহলে গণনা কৰা হব বিচ্যুতি হোৱা ইভিএমৰ ভিপিপেট। আনহাতে হাফলং বিধানসভা সমষ্টিৰ ২৪২ খন ভোটগ্ৰহন কেন্দ্ৰৰ ভোট গণনা ১৪ খন টেবিলত ১৮ ৰাউণ্ড হব বুলি জনায় নিৰ্বাচনী বিষয়া অমিতাভ ৰাজখোৱাই।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.