ETV Bharat / state

সৰ্বশিক্ষা অভিযানৰ অধীনত 9 কোটিৰ দুৰ্নীতিৰ অভিযোগ - Rupees 9 crore corruption alleged under Sarva Shiksha Abhiyan in dima hasao

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কংগ্ৰেছ সদস্য ডেনিয়েল লাংথাচাই 26 জুলাইত ফেচবুক লাইভৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ অধীনষ্ঠ সৰ্বশিক্ষা অভিযানৰ অধীনত ডিমা হাছাও জিলাত নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে খোৱা পানীৰ ব্যৱস্থা কৰাৰ প্ৰকল্পত 9 কোটি টকাৰ বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ কৰিছিল । কংগ্ৰেছ সদস্যগৰাকীক এই বৃহৎ কেলেংকাৰী গাপ দিয়াৰ বাবে এগৰাকী ব্যক্তিয়ে 1 লাখ টকাৰ উৎকোচ দিয়াৰো অভিযোগ কৰে ৷ ইতিমধ্যে এই সন্দৰ্ভত পাৰ্বত্য জিলাখনৰ কাৰ্য নিৰ্বাহক সদস্যগৰাকীয়ে হাফলং আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে ৷

curreption in dima hasao
সৰ্বশিক্ষা অভিযানৰ অধীনত 9 কোটি টকাৰ দুৰ্নীতি অভিযোগ: হাফলং সদৰ থানাত গোচৰ ৰুজু
author img

By

Published : Jul 31, 2021, 10:18 PM IST

ডিমা হাছাও, 31 জুলাই : সৰ্বশিক্ষা অভিযানৰ অধীনত ডিমা হাছাও জিলাত 9 কোটি টকাৰ বৃহৎ দুৰ্নীতিৰ অভিযোগৰ তদন্তৰ বাবে হাফলং সদৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য চেমুৱেল চাংছনে । শুকুৰবাৰে উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদ সচিবালয়ত এখন সংবাদমেল সম্বোধন কৰি স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য চেমুৱেল চাংছনে এই কথা সদৰী কৰে ৷ তেওঁ সংবাদমেলত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কংগ্ৰেছ সদস্য ডেনিয়েল লাংথাচা ফেচবুক লাইভ (Facebook Live)ৰ জৰিয়তে এই অভিযোগ উত্থাপন কৰা লগতে তেওঁ উৎকোচ দিয়া ব্যক্তিগৰাকীৰ নাম ৰাজহুৱা নকৰাত প্ৰশ্ন উত্থাপন কৰে ৷ ইয়াৰ উপৰি ডেনিয়েল লাংথাচাই ঘটনা সন্দৰ্ভত গোচৰ ৰুজু নকৰাত আশ্চৰ্য প্ৰকাশ কৰিছে চেমুৱেল চাংছনে ৷

চেমুৱেল চাংছনৰ সংবাদমেল সম্বোধন

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য চেমুৱেল চাংছনে সংবাদমেলত সদৰী কৰা অনুসৰি, 26 জুলাইত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Assam CM Himanta Biswa Sarma) ডিমা হাছাও ভ্ৰমণৰ সময়ত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কংগ্ৰেছ সদস্য ডেনিয়েল লাংথাচাই ফেচবুক লাইভৰ জৰিয়তে এক অভিযোগ উত্থাপন কৰিছিল ৷ এই অভিযোগ অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ সৰ্বশিক্ষা অভিযানৰ অধীনত ডিমা হাছাও জিলাত নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে খোৱা পানীৰ ব্যৱস্থা কৰাৰ প্ৰকল্পত 9 কোটি টকাৰ বৃহৎ কেলেংকাৰী সংঘটিত হৈছিল । এই বৃহৎ কেলেংকাৰী গাপ দিয়াৰ বাবে তেওঁক এগৰাকী ব্যক্তিয়ে 1 লাখ টকাৰ উৎকোচ প্ৰদান কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে ।

ডেনিয়েল লাংথাচাই ফেচবুক লাইভ কৰি এই উৎকোচ লোৱা ধনখিনি জনতাৰ মাজত বিতৰণ কৰাৰ কথা উল্লেখ কৰে । সংবাদমেলত চাংছনে আশ্চৰ্য প্ৰকাশ কৰি কয় যে, কংগ্ৰেছ সদস্যগৰাকীয়ে কিয় এই উৎকোচ দিয়া ব্যক্তিৰ নাম ৰাজহুৱা কৰা নাছিল আৰু এই বিষয়ত কিয় থানাত গোচৰ ৰুজু কৰা নাই । চাংছনে লগতে কয় যে, উৎকোচ দিয়া আৰু লোৱা অপৰাধ ।

curreption in dima hasao
সৰ্বশিক্ষা অভিযানৰ অধীনত 9 কোটিৰ দুৰ্নীতিৰ অভিযোগ

সংবাদমেলত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য চেমুৱেল চাংছনে কংগ্ৰেছ সদস্য ডেনিয়েল লাংথাচাই উত্থাপন কৰা এই দুৰ্নীতিৰ বিভাগীয় স্তৰত তদন্ত কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷ তেওঁ লগতে এই দুৰ্নীতিক গাপ দিয়াৰ বাবে ডেনিয়েল লাংথাচাক কোনে উৎকোচ দিলে, এই বিষয়টো তদন্ত কৰাৰ বাবে আৰক্ষীক আহ্বান জনায় ৷ লগতে হাফলং সদৰ আৰক্ষী থানাত এই সন্দৰ্ভত শুকুৰবাৰে এখন এজাহাৰ দাখিল কৰা বুলি সংবাদমেলত জানিবলৈ দিয়ে ।

লগতে পঢ়ক : ফলাফল সন্দৰ্ভত কি ক'লে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিবে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.