ETV Bharat / state

পূজাকেন্দ্ৰিক সংবাদমেল সম্বোধন ডিমা হাছাওৰ উপায়ুক্তৰ - সংবাদমেল

বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব শাৰদীয় দুৰ্গা পূজা ৷ পূজাৰ প্ৰাকক্ষণত এক সংবাদমেল সম্বোধন কৰে ডিমা হাছাওৰ জিলা উপায়ুক্ত পল বৰুৱাই ৷ উপায়ুক্ত গৰাকীয়ে কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পূজাত অৱলম্বন কৰা সাৱধানতা সম্পৰ্কে অৱগত কৰে সংবাদমেলখনত ৷

Press meet of Dc of Dima hasao assam etv bharat news
জিলা উপায়ুক্তৰ সংবাদমেল
author img

By

Published : Oct 21, 2020, 8:13 PM IST

ডিমা হাছাও,21 অক্টোবৰ: শাৰদীয় দুৰ্গা পূজাৰ সময়ত ডিমা হাছাওবাসীক চৰকাৰী নীতি-নিয়ম আৰু স্বাস্থ্য বিধি মানি চলাৰ আহ্বান জনাইছে জিলাখনৰ উপায়ুক্ত পল বৰুৱাই ৷ বুধবাৰে হাফলঙৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি উপায়ুক্ত গৰাকীয়ে দুৰ্গা পূজাত ৰাইজে সঠিক স্বাস্থ্য বিধি মানি পূজা উদযাপন কৰিবলৈ আহ্বান জনাইছে ৷ সংবাদ মেলখনৰ জৰিয়তে উপায়ুক্ত গৰাকীয়ে কৰ’ণাৰ সংক্ৰমণ ৰোধ কৰিবলৈ এই ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় ৷ লগতে ক’ভিড প্ৰট’কল মানি পূজা অনুষ্ঠিত কৰিবলৈ পূজা কমিটিসমূহক আহ্বান জনাই উপায়ুক্ত পল বৰুৱাই ৷

জিলা উপায়ুক্তৰ সংবাদমেল

তদুপৰি শ্বপিং মল সমূহত বজাৰ কৰিবলৈ অহা ব্যক্তিসকলে যাতে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দুৰত্ব মানি চলে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আহ্বান জনাই উপায়ুক্ত গৰাকীয়ে ৷ কোনো লোকে ক’ভিড প্ৰট’কল মানি নচলিলে জিলা প্ৰশাসনে দুৰ্যোগ প্ৰশমন আইনৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সংবাদমেলখনৰ জৰিয়তে স্পষ্টভাৱে প্ৰকাশ কৰে ৷

লগতে চাওকঃ মৃত্যুদূতৰূপী ৰে’ল ইঞ্জিন জব্দ বন বিভাগৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.