ETV Bharat / state

নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছ দলত যোগদান অব্যাহত - ডিমা হাছাও জিলাত কংগ্ৰেছ দলত যোগদান পৰ্ব অব্যাহত

বিভিন্ন ৰাজনৈতিক দল ত্যাগ কৰি ডিমা হাছাও জিলাত কংগ্ৰেছ দলত যোগদান পৰ্ব অব্যাহত ৷ বিজেপি দলক উপজাতি জনগোষ্ঠীৰ বিৰোধী দল বুলি মন্তব্য ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি নিৰ্মল লাংথাচাৰ ৷

নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছ দলত যোগদান অব্যাহত

author img

By

Published : Mar 8, 2021, 8:08 PM IST

ডিমা হাছাও 8 মাৰ্চ: নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিভিন্ন ৰাজনৈতিক দল ত্যাগ কৰি ডিমা হাছাও জিলাত কংগ্ৰেছ দলত যোগদান পৰ্ব অব্যাহত আছে । সোমবাৰে হাফলং ৰাজীৱ ভৱনত জিলা কংগ্ৰেছ সভাপতি নিৰ্মল লাংথাচাৰ উপস্থিতিত বিভিন্ন ৰাজনৈতিক দল ত্যাগ কৰি শতাধিক কৰ্মী সমৰ্থক কংগ্ৰেছ দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে । এই যোগদান অনুষ্ঠানৰ পিচতে ডিমা হাছাও জিলা কংগ্ৰেছৰ মুখপাত্ৰ সমৰজিত হাফলংবাৰে এক সংবাদমেল সম্বোধন কৰি বৰ্তমান বিজেপি চৰকাৰৰ তীব্ৰ সমালোচনা কৰে ৷

বিজেপি হৈছে সাম্প্ৰদায়িক দল আৰু উপজাতি জনগোষ্ঠীৰ বিৰোধী দল বুলি মন্তব্য কৰে সমৰজিত হাফলংবাৰে । তেওঁ লগতে কয় এই বিজেপি দলে সংবিধানৰ ষষ্ঠ অনুসূচীৰ ক্ষমতা হ্ৰাস কৰি উপজাতি, জনগোষ্ঠীৰ অধিকাৰ আৰু সুৰক্ষা কাৰি নিয়াৰ চেষ্ঠা কৰিছে । যাৰ বাবে 2021 নিৰ্বাচনত বিজেপি দিলে ইয়াৰ যোগ্য উত্তৰ পাব বুলি মন্তব্য কৰি তেওঁ সকলোকে একলগ হৈ নিৰ্বাচনত যুজঁ দিয়াৰ বাবে আহ্বান জনায় সমৰজিত হাফলংবাৰে ৷

লগতে পঢ়কঃমৰিয়নীত বৃহৎ পৰিমাণৰ নগদ ধন জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.