ETV Bharat / state

Cabinet Meeting in Haflong : কেবিনেট বৈঠকৰ বাবে সাজু হাফলং - Indigenous People's Forum demands bifurcation of Dima Hasao

হাফলঙত অনুষ্ঠিত হ'বলগীয়া অসম চৰকাৰৰ কেবিনেট বৈঠকৰ প্ৰস্তুতি প্ৰায় সম্পন্ন ৷ কেবিনেট বৈঠকৰ বাবে 18 জানুৱাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ আৰু 19 জানুৱাৰীৰ 12 ঘণ্টীয়া ডিমা হাছাও বন্ধ কাৰ্যসূচী স্থগিত(12 hour Dima Hasao bandh suspended) ৷

preparations-for-the-next-cabinet-meeting-of-the-assam-government-to-be-held-in-haflong-are-complete
হাফলঙত কেবিনেট বৈঠকৰ প্ৰস্তুতি চূড়ান্ত
author img

By

Published : Jan 18, 2022, 10:42 AM IST

ডিমা হাছাও 18 জানুৱাৰী : 2022 বৰ্ষৰ 19 জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া অসম চৰকাৰৰ কেবিনেট বৈঠকৰ প্ৰস্তুতি ইতিমধ্যে চূড়ান্ত হৈ পৰিছে (Assam Government's cabinet meeting) ৷ উল্লেখ্য যে, এইবাৰৰ কেবিনেট অনুষ্ঠিত হ'ব হাফলং জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভা কক্ষত ৷ সেয়ে মঙলবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই 14 গৰাকী মুখ্য সচিবৰ লগতে বিভিন্ন বিভাগৰ চৰকাৰী বিষয়াৰ সৈতে উপস্থিত হ'ব হাফলঙত (CM Himanta Biswa Sarma in Haflong) ৷

জানিব পৰা মতে, কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে হাফলং অসামৰিক চিকিৎসালয়ৰ নৱ নিৰ্মিত অক্সিজেন প্লাণ্ট স্থাপন কৰা এন এল দাওলাগুপু ষ্টেডিয়াম(NL Daulagupu Stadium of Haflong),হাফলং হ্ৰদৰ ওপৰত নিৰ্মাণ হোৱা জিপ লাইনিং(Zip lining built on Haflong Lake), কৃষি ভৱনৰ লগতে হাফলং চৰকাৰী মহাবিদ্যালয়ৰ নতুন ভৱনৰ উদ্বোধন কৰিব ৷

ডিমা হাছাও জিলাক দুই ভাগত বিভক্ত কৰি দুখন নতুন জিলা গঠনৰ দাবীত ইণ্ডিজিনাচ পিপলছ ফ’ৰামে 19 জানুৱাৰীৰ দিনা 12 ঘণ্টাৰ ডিমা হাছাও বন্ধৰ আহ্বান জনাইছিল(Indigenous People's Forum demands bifurcation of Dima Hasao) ।

হাফলঙত কেবিনেট বৈঠকৰ প্ৰস্তুতি চূড়ান্ত

ইয়াৰ উপৰিও ডিমা হাছাও ইণ্ডিজিনাচ ষ্টুডেন্টচ ফ’ৰাম আৰু ইণ্ডিজিনাচ ওমেন ফ’ৰামে ইষ্ট-ৱেষ্ট ক’ৰিডৰ নিৰ্মাণৰ ফলত মাহুৰৰ পৰা হাৰেংগাজাও লৈকে যি সকলৰ ভূমিৰ ক্ষতিগ্ৰস্ত হৈছে সেয়ে ইয়াৰ ক্ষতিপূৰণ অনতিপলমে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে মোকলাই দিয়াৰ দাবীত 18 জানুৱাৰীত 54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ কথা ঘোষণা কৰা হৈছিল ৷

কিন্তু ৰাজ্য চৰকাৰৰ ফালৰ পৰা ইণ্ডিজিনাচ পিপলছ ফ’ৰাম, ইণ্ডিজিনাচ ষ্টুডেন্টছ ফ’ৰাম, ইণ্ডিজিনাচ ওমেন ফ’ৰামক দিছপুৰত বৈঠকৰ বাবে আমন্ত্ৰণ জনায় ৷ তাৰ পাচতেই সোমবাৰে এক সংবাদমেলযোগে 12 ঘণ্টীয়া ডিমা হাছাও বন্ধ আৰু ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী স্থগিত(12 hour Dima Hasao bandh suspended) ৰখাৰ কথা সদৰী কৰে ইণ্ডিজিনাচ ষ্টুডেন্টচ ফ’ৰামৰ সভাপতি ডেভিড কেভমে ।

লগতে পঢ়ক : অসম ৰাইফলছৰ নিযুক্তি প্ৰক্ৰিয়া বন্ধৰ দাবী ডিমাছা ছাত্ৰ সংগঠনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.