ETV Bharat / state

হাফলং-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত ৰাইজৰ প্ৰতিবাদ

author img

By

Published : Sep 17, 2020, 1:53 PM IST

54 নম্বৰ হাফলং-শিলচৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে ৷ ৰাইজৰ অভিযোগ, বালাচৰাৰ পৰা হাৰেংগাজাও লৈকে প্ৰায় 31 কিলোমিটাৰৰ বিধ্বস্ত পথৰ বাবে যমৰ যন্ত্ৰণা ভূগিব লগা হয় পথচাৰীয়ে ৷

Protesters demand  over repair of Haflong-Silchar National Highway
হাফলং-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত ৰাইজৰ প্ৰতিবাদ

ডিমা হাছাও,17 ছেপ্তেম্বৰঃপোহৰলৈ আহিল পৰিৱৰ্তনৰ কথা কৈ শাসনৰ গাদীত বহা নৰেন্দ্ৰ মোডী চৰকাৰৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ ৷ ৰাইজৰ অভাৱ-অভিযোগৰ প্ৰতি যেন কোনো ধৰণৰ গুৰুত্ব নাই কেন্দ্ৰীয় চৰকাৰৰ ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ ৰূপ সংবাদ মাধ্যমত বিভিন্ন সময়ত প্ৰকাশ পাই আহিছে যদিও এইক্ষেত্ৰত নিৰ্বিকাৰ কেন্দ্ৰীয় চৰকাৰ ৷ এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ মেৰামতি কৰাৰ দাবীত বৃহস্পতিবাৰে 54 নম্বৰ হাফলং-শিলচৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে ৷ ৰাইজৰ অভিযোগ, বালাচৰাৰ পৰা হাৰেংগাজাও লৈকে প্ৰায় 31 কিলোমিটাৰ বিধ্বস্ত পথৰ বাবে যমৰ যন্ত্ৰণা ভূগিব লগা হয় পথচাৰীয়ে ৷ কিন্তু এইক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ যাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় ঘাইপথটোত কঠীয়া ৰুই তিনিঘণ্টা ধৰি ঘাইপথ অৱৰোধ কৰি ৰাখে প্ৰতিবাদকাৰীসকলে ৷

ইপিনে, উত্তাল হৈ পৰা প্ৰতিবাদৰ মাজতে প্ৰতিবাদকাৰীসকলৰ কাষত উপস্থিত হয় 54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দায়িত্বত থকা চুচি ইনফ্ৰা প্ৰাইভেট লিমিটেড কোম্পানীৰ এগৰাকী বিষয়া ৷ বিষয়াগৰাকী উপস্থিত হৈ অতি শীঘ্ৰে পথচোৱা যানবাহন চলাচলৰ বাবে উপযোগী কৰাৰ আশ্বাস প্ৰদান কৰে প্ৰতিবাদকাৰীসকলক ৷ আনহাতে,বিষয়াগৰাকীৰ আশ্বাস পাই প্ৰতিবাদকাৰীসকলে অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰে যদিও প্ৰতিশ্ৰুতি পূৰণ নকৰিলে পুনৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হ'ব বুলি হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়কঃ২১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব বিদ্যালয়ৰ পাঠদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.