ETV Bharat / state

Protest in Dima Hasao : ক্ষতিগ্ৰস্ত লোকক ক্ষতিপূৰণ আদায়ৰ দাবীত প্ৰতিবাদ - East west corridor through Silchar

ক্ষতিগ্ৰস্ত লোকক ক্ষতিপূৰণ আদায়ৰ দাবীত ডিমা হাচাওত প্ৰতিবাদ ৷ ডিমা হাচাওৰ ইণ্ডিজিনিয়াচ ষ্টুডেন্ট ফ’ৰামৰ উদ্যোগত গ্ৰহণ কৰা হৈছে প্ৰতিবাদী কাৰ্যসূচী ৷

Protest in Dima Hasao demanding compensation
ক্ষতিগ্ৰস্ত লোকক ক্ষতিপূৰণ আদায়ৰ দাবীত প্ৰতিবাদ
author img

By

Published : Jul 7, 2023, 10:38 AM IST

ডিমা হাচাওত প্ৰতিবাদ

ডিমা হাচাও, 7 জুলাই: নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ডিমা হাচাওত প্ৰতিবাদ ৷ জানিব পৰা মতে, ইষ্ট-ৱেষ্ট কৰিড’ৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কামত নিয়োজিত গুজৰাটৰ দীনেশ চন্দ্ৰ আৰ আগৰৱাল ইনফ্ৰা প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ডিমা হাচাওৰ ইণ্ডিজিনিয়াচ ষ্টুডেন্ট ফ’ৰামে ৷ কোম্পানীটোক তিনি দিনৰ ভিতৰত ডিমা হাছাও জিলা এৰি যোৱাৰ সকিয়নী প্ৰদান কৰিছে ফ’ৰামে ৷

ইষ্ট-ৱেষ্ট কৰিড’ৰৰ ডিমা হাছাও জিলাৰ নিৰিমবাংলাৰ পৰা হাৰেংগাজাও লৈকে 49 কিলোমিটাৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দায়িত্ব দিয়া হৈছে গুজৰাটৰ দীনেশ চন্দ্ৰ আৰ আগৰৱাল ইনফ্ৰা প্ৰাইভেট লিমিটেড নামৰ নিৰ্মাণকাৰী সংস্থাটোক ৷ বিগত 6 জুনৰ পৰা এই নিৰ্মাণকাৰী সংস্থাটোৱে চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে । কিন্তু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে নিৰিমবাংলাৰ পৰা হাৰেংগাজাও লৈকে 27 খন গাঁৱৰ ক্ষতিগ্ৰস্ত লোকসকলক প্ৰাপ্য ক্ষতিপূৰণ আদায় নিদিয়াৰ বাবে বৃহস্পতিবাৰে ইণ্ডিজিনিয়াচ ষ্টুডেন্ট ফ’ৰামৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলে মাহুৰত 27 নম্বৰ ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰে আৰু চাৰিলেনযুক্ত পথ নিৰ্মাণৰ কামত যুক্ত দীনেশ চন্দ্ৰ আৰ আগৰৱাল ইনফ্ৰা প্ৰাইভেট লিমিটেড কোম্পানীৰ কাৰ্যালয় ঘেৰাও কৰি ক্ষতিগ্ৰস্তলোকসকলক অনতিপলমে ভূমিৰ ক্ষতিপূৰণ মোকোলাই দিয়াৰ দাবী জনায় ।

নিৰ্মাণকাৰী সংস্থাটোৱে ইণ্ডিজিনিয়াচ ষ্টুডেন্ট ফ’ৰামে দাবী সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ উত্থাপন কৰি ইণ্ডিজিনাচ ষ্টুডেন্ট ফ‘ৰামৰ সভাপতি ডেভিড কেভমে সংবাদ মাধ্যমৰ আগত 2023 চনৰ জানুৱাৰী মাহত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষক নিৰ্দেশ দিছিল এই ক্ষতিগ্ৰস্ত গাঁৱৰ বাসিন্দাসকলক অনতিপলমে ক্ষতিপূৰণ মোকোলাই দিয়াৰ বাবে ৷ অৱশ্যে তাৰপিচতো বৰ্তমান পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ক্ষতিগ্ৰস্ত গাঁৱৰ বাসিন্দাসকলক ক্ষতিপূৰণ মোকলাই দিয়া নাই বুলি অভিযোগ উত্থাপন কৰি ডেভিড কেভমে 10 ফেব্ৰুৱাৰীৰ দিনা হাফলং জিলা উপায়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসন ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষ, নিৰ্মাণ সংস্থা আৰু ইণ্ডিজিনিয়াচ ষ্টুডেন্টস ফ’ৰামৰ লগতে যৌথ বৈঠক অনুষ্ঠিত কৰা হৈছিল আৰু এই বৈঠকখনত উত্তৰ-কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ ভূমি আৰু ৰাজহ বিভাগৰ ফালৰ পৰা ক্ষতিগ্ৰস্ত গাঁৱৰ বাসিন্দাসকলৰ ভূমি সংক্ৰান্তীয় যাৱতীয় বিল প্ৰদান কৰা হৈছিল যদিও লাভ কৰিবলৈ সক্ষম নহ’ল প্ৰাপ্য ।

লগতে পঢ়ক : Arms laying down ceremony : অন্ত পৰিল 18 বছৰীয়া সশস্ত্ৰ সংগ্ৰামৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.