ETV Bharat / state

Pension Seva Kendra opened: হাফলঙত পেঞ্চন সেৱা কেন্দ্ৰ মুকলি

বুধবাৰে ডিমা হাচাও জিলাৰ সদৰ চহৰ হাফলঙৰ শিক্ষা ভৱনত পেঞ্চন সেৱা কেন্দ্ৰৰ উদ্বোধন কৰে ৰাজ্যৰ পাৰ্বত্য এলেকা উন্নয়ন তথা দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহনে (Pension Seva Kendra opened in Haflong)।

Pension Seva Kendra opened
Pension Seva Kendra opened
author img

By

Published : Aug 3, 2022, 10:06 PM IST

ডিমা হাচাও 3 আগষ্ট: ৰাজ্যৰ 27 খন জিলাত আৰম্ভ হ’ব অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী সকলৰ বাবে পেঞ্চন সেৱা কেন্দ্ৰ (Pension Seva Kendra opened)। বুধবাৰে ডিমা হাচাও জিলাৰ সদৰ চহৰ হাফলঙৰ শিক্ষা ভৱনত এই পেঞ্চন সেৱা কেন্দ্ৰৰ উদ্বোধন কৰে ৰাজ্যৰ পাৰ্বত্য এলেকা উন্নয়ন তথা দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহনে ।

বুধবাৰ দিনৰ 12 বজাত ডিমা হাচাও পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচা, পাৰ্বত্য পৰিষদৰ অধ্যক্ষ ৰাণু লাংথাচা, ডিমা হাচাও জিলাৰ উপায়ুক্ত নাজৰিন আহমেদৰ উপস্থিতিত পেনচন সেৱা কেন্দ্ৰ তথা কৃতজ্ঞতা পৰ্টেলৰ উদ্বোধন কৰে মন্ত্ৰী যোগেন মহনে ।

আজি হাফলঙত এই পেঞ্চন সেৱা কেন্দ্ৰ আৰু কৃতজ্ঞতা পৰ্টেলৰ উদ্বোধন কৰি মন্ত্ৰী যোগেন মহনে কয় যে ৰাজ্য চৰকাৰৰ এই পদক্ষেপে নিশ্চিতভাৱে ৰাজ্যখনৰ পেঞ্চনাৰ আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সকলক সহায় কৰিব । এই পেঞ্চন সেৱা কেন্দ্ৰত কৃতজ্ঞতা পৰ্টেলৰ জৰিয়তে অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তথা পেঞ্চনাৰ সকলৰ চাৰ্ভিছ বুক আৰু সকলো নথি-পত্ৰ আপলোড কৰা হ’ব ৷ যাৰ ফলত অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সকলৰ পেঞ্চনৰ কাম অতি কম সময়তে সম্পূৰ্ণ হৈ উঠিব ।

ইয়াৰ পূৰ্বে ৰাজ্যৰ নলবাৰী, নগাঁও, ধুবুৰী আদি কেইবাখনো জিলাত মুকলি কৰা হৈছে এই পেঞ্চন সেৱা কেন্দ্ৰ ৷

লগতে পঢ়ক : Encounter in Karbi Anglong: কেনেকৈ আৰক্ষীৰ জালত পৰিল ডেনিয়েল টেৰণ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.