ETV Bharat / state

ডিমা হাছাও জিলাক দ্বি-খণ্ডিত কৰাৰ প্ৰতিবাদত হাফলঙত শান্তি সমদল

author img

By

Published : Feb 17, 2020, 9:08 PM IST

সোমাবাৰে হাফলঙত ইণ্ডিজেনাচ পিপলছ ফ’ৰামৰ পৃথক জিলা গঠনৰ দাবীৰ বিৰুদ্ধে সৰৱ হৈ এক শান্তি সমদল বাহিৰ কৰে জিলাখনৰ বিভিন্ন জাতি-জনগোষ্ঠীয় দলক লৈ গঠিত হোৱা যুটীয়া সমন্বয় সমিতিয়ে ৷ এই সমদলত শতাধিক লোকে জিলাখনক দ্বি-খণ্ডিত কৰাৰ বিৰোধিতাৰে এন.চি হিলছ ইণ্ডিজেনাচ পিপলছ ফ’ৰাম গ’ বেক ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ ৷

Peace rally in haflong
ডিমা হাছাও জিলাক দ্বি-খণ্ডিত কৰাৰ প্ৰতিবাদত হাফলঙত শান্তি সমদল

ডিমা হাছাও, 17 ফেব্ৰুৱাৰীঃ ডিমা হাছাও জিলাক দ্বি-খণ্ডিত কৰি দুখন পৃথক জিলা গঠনৰ দাবীক লৈ সোমবাৰে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বৈঠকত মিলিত হ’ব এন.চি হিলছ ইণ্ডিজেনাচ পিপলছ ফ’ৰামৰ নেতৃত্ব ৷ ইয়াৰ বাবে ইতিমধ্যেই গুৱাহাটীত উপস্থিত হয় ইণ্ডিজেনাচ পিপলছ ফ’ৰামৰ নেতৃবৰ্গ ৷ এই আলোচনাৰ প্ৰাকক্ষণত সোমাবাৰে হাফলঙত ইণ্ডিজেনাচ পিপলছ ফ’ৰামৰ পৃথক জিলা গঠনৰ দাবীৰ বিৰুদ্ধে সৰৱ হৈ এক শান্তি সমদল বাহিৰ কৰে জিলাখনৰ বিভিন্ন জাতি-জনগোষ্ঠীয় দলক লৈ গঠিত হোৱা যুটীয়া সমন্বয় সমিতিয়ে ৷ হাফলং সাংস্কৃতিক ভৱনৰ পৰা আৰম্ভ কৰা এই শান্তি সমদল জিলা উপায়ুক্ত কাৰ্যালয়ত সমাপ্ত ঘটে ৷ জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱাৰ জৰিয়তে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ এই সন্দৰ্ভত এখন স্মাৰক পত্ৰ প্ৰদান কৰে যুটীয়া সমন্বয় সমিতিৰ নেতৃত্বই ৷

এই সমদলত শতাধিক লোকে জিলাখনক দ্বি-খণ্ডিত কৰাৰ বিৰোধিতাৰে এন.চি হিলছ ইণ্ডিজেনাচ পিপলছ ফ’ৰাম গ’ বেক ধ্বনিৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ ৷ ইয়াৰোপৰি ডিমা হাছাও জিলাত শান্তি বৰ্তাই ৰাখি সকলো জাতি-জনগোষ্ঠী একত্ৰিত হৈ থকাৰ আহ্বান জনাই যুটীয়া সমন্বয় সমিতিয়ে ৷ উল্লেখ্য যে যোৱা 11 নৱেম্বৰত ডিমা হাছাও জিলাক বিভক্ত কৰি দুখন পৃথক জিলা গঠনৰ দাবীত ইণ্ডিজেনাচ পিপলচ ফ’ৰামৰ আহ্বান কৰা ডিমা হাছাও জিলা বন্ধত হাফলঙত ব্যাপক হিংসাত্মক ঘটনা সংগঠিত হোৱাৰ পিছত ৰাজ্য চৰকাৰ ফালৰ পৰা সংগঠনটোৰ দাবীক লৈ আলোচনাৰ কাৰণে দিছপুৰত আমন্ত্ৰণ জনায় ৷ সোমবাৰে বিয়লি 4 বজাত এই বৈঠকখন অনুষ্ঠিত হোৱাৰ কথা ব্যক্ত কৰা হৈছে ৷

আৰু পঢ়কঃধুবুৰীত ৰন্ধন গেছৰ বৃহৎ কলা বজাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.