ETV Bharat / state

ডিমা হাছাওত মালিকবিহীন এখন বিশেষ দোকান - ফল মূল

ডিমা হাছাওত মালিকবিহীন ভাৱে এখন দোকানত বিক্ৰী হৈছে সামগ্ৰী । জিলাখনৰ ৰেটজল গাঁৱত স্থাপন কৰা হৈছে মালিকবিহীন এই দোকানখন । মহামাৰী ক'ৰ'ণাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰিলাল কাৱৰাল নামৰ এগৰাকী ব্যক্তিয়ে স্থাপন কৰিছে এই বিশেষ দোকানখন ।

Open a shop without owner in Dima Hasao
ডিমা হাছাওত মালিক বিহীন এখন দোকান
author img

By

Published : Aug 7, 2020, 7:26 PM IST

হাফলং,৭ আগষ্ট: শিলচৰৰ দিশে যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে থকা মাৰ অধ্যুসিত এখন গাঁও ৰেটজল গাঁও । মহামাৰী ক'ৰণাৰ ভয়াবহতা তথা সংক্ৰমণৰ বাবে যোৱা চাৰি মাহে গাওঁখনত বন্ধ হৈ আছে সকলো দোকান বজাৰ ।

ইয়াৰ মাজতে গাঁওখনত খোল খালে এখন দোকান । তাকো মালিকবিহীন ভাৱে । শুকুৰবাৰে প্ৰথমবাৰৰ বাবে গ্ৰাহকৰ কাৰণে মালিকবিহীন ভাৱে খোলা হ'ল এই দোকানখন ।

মহামাৰীৰ ক'ৰণাৰ ভয়াৱহতা আৰু সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এক অগতানুগতিক চিন্তাৰে গাঁও খনত এই দোকান খন মুকলি কৰিছো । ক'লে দোকানৰ গৰাকী ৰেটজলৰ ৰিলাল কাৱৰালে ।

ইয়াত শাক-পাচলিৰ পৰা আৰম্ভ কৰি ফল-মূললৈকে উপলব্ধ হ'ব সকলো । প্ৰতিবিধ সামগ্ৰীৰ বিপৰীতে উল্লেখ কৰি দিয়া হৈছে দৰসমূহ । গ্ৰাহকে নিজৰ প্ৰয়োজনীয় শাক পাচলিকে ধৰি ফল মূল সমূহ সংগ্ৰহ কৰি দোকানৰ ভিতৰত সকলোৱে দেখাকৈ ৰখা এটা বেগৰ ভিতৰত ভৰাই দিব লাগিব ক্ৰয় কৰা সামগ্ৰীৰ মূল্য ।

ৰিলাল কাৱৰালে এক অগানুগতিক চিন্তাৰে আৰম্ভ কৰা দোকানত এতিয়া ভিৰ কৰিছে বহুতে । লগতে ক'ৰণাৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে ৰেটজলৰ এই প্ৰচেষ্টাক সকলোৱে লৈছে শলাগ ।

লগতে পঢ়ক : কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত অভিনৱ প্ৰতিবাদ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.