ডিমা হাছাও,16 জানুৱাৰীঃ ৰাজ্যৰ চৌদিশে বিহুৰ ব্যস্ততাৰ মাজত ডিমা হাছাও জিলাৰ উমৰাংছুৰ পানিমৰত সংঘটিত হৈছে এক অঘটন। পিকনিক খাবলৈ গৈ কপিলী নৈত ডুবি সলিল সমাধি ঘটে এগৰাকী যুৱতীৰ ৷ পানিমৰৰ পিকনিক স্পটত বুধবাৰে বিয়লি 3.30 বজাত এই ঘটনাতো সংঘটিত হয় ৷ জানিব পৰা মতে,বুধবাৰে ৰাজ্যবাসীয়ে বিহু পালনত ব্যস্ত থকাৰ সময়তে একাংশ ছাত্ৰ-ছাত্ৰী পিকনিক খাবলৈ উক্ত ঠাইলৈ গৈছিল।পানিমৰত থকা কপিলী নৈ নাৱেৰে পাৰ হ’বলৈ ধৰোতে নাওঁ ডুবি সলিল সমাধি ঘটে যুৱতীগৰাকীৰ ৷ সেই সময়ত যুৱতীগৰাকীৰ সৈতে অন্য চাৰি গৰাকী ছাত্ৰ-ছাত্ৰী আছিল ৷
জানিব পৰা মতে,কণিকা লাংথাছা নামৰ 27 বছৰীয়া মৃত যুৱতীগৰাকী ডিমা হাছাওৰ দিয়ুংমুখ আৰক্ষী থানাৰ অন্তৰ্গত ওয়াছবিল গাঁৱৰ বাসিন্দা ৷ যুৱতী গৰাকীৰ সৈতে থকা বাকী ছাত্ৰ-ছাত্ৰীসকলৰ কথমপি প্ৰাণ ৰক্ষা পৰে দুৰ্ঘটনাটোত ৷ দুৰ্ঘটনাটোৰ পিছত কণিকাক অন্য ছাত্ৰ-ছাত্ৰী সকলে পানীৰ পৰা মৃত অৱস্থাত উদ্ধাৰ কৰে ৷ জানিব পৰা মতে নৈ পাৰ হোৱাৰ সময়ত কোনেও সুৰক্ষা জেকেট পিন্ধা নাছিল ৷ ফলত যুৱতী গৰাকী মৃত্যুমুখত পৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷