ETV Bharat / state

ডিমা হাছাও জিলাত এনএছচিএনৰ সদস্য গ্ৰেপ্তাৰ - আৰক্ষী আৰু অসম ৰাইফলছে

ডিমা হাছাও জিলাত এনএছচিএনৰ সদস্য গ্ৰেপ্তাৰ ৷ এক গোপন সূত্ৰৰ পম খেদি আৰক্ষী আৰু অসম ৰাইফলছে এই অভিযান চলাইছিল৷

এনএছচিএনৰ সদস্য গ্ৰেপ্তাৰ
author img

By

Published : Sep 11, 2019, 2:13 PM IST

ডিমা হাছাও, 11 ছেপ্টেম্বৰঃ মঙলবাৰে মাজ নিশা হাফলং আৰক্ষী থানাৰ অন্তৰ্গত বাগেটৰত আৰক্ষী আৰু অসম ৰাইফলছে অভিযান চলাই নগা বিদ্ৰোহী সংগঠন এনএছচিএন'ৰ সদস্য এজনক গ্ৰেপ্তাৰ কৰে৷ এক গোপন সূত্ৰৰ পম খেদি আৰক্ষী আৰু অসম ৰাইফলছে এই অভিযান চলাইছিল৷

ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক শ্ৰীজিত টিয়ে জনোৱা অনুসৰি আটকাধীন এনএছচিএন'ৰ সদস্যজন ডিমা হাছাওৰ পি পইচা গাঁৱৰ হেইনেমটিউং নিউমে হেইনামটিউং ডিমা হাছাও জিলাত ধনদাবীৰ কাৰ্যত লিপ্ত আছিল৷ হেইনামটিউং পৰা আৰক্ষীয়ে এখন চিম কাৰ্ড জব্দ কৰে৷ ইপিনে আৰক্ষীৰ জেৰাত এনএছচিএন'ৰ সদস্যজনে ডিমা হাছাও জিলাত ধন দাবী কৰাৰ ঘটনাৰ কথা স্বীকাৰ কৰি কয় যে তেওঁ 2008 চনত এনএছচিএন (আইএম)ত যোগদানৰ পিচত 2014 চনত এনএছচিএন (ৰিপাব্লিক)ত যোগ দিয়ে ৷ সম্প্ৰতি হাফলং আৰক্ষীয়ে হেইনামটিউং নিউমেক জেৰা অব্যাহত ৰাখিছে৷

Intro:ডিমা হাছাও ১১ ছেপ্টেম্বৰ: হাফলং আৰক্ষী থানাৰ অন্তৰ্গত বাগেটৰৰ পৰা কালি মাঝ নিশা এক অভিযান চলাই ডিমা হাছাও আৰক্ষী আর অসম ৰাইফেলছ নগা বিদ্ৰোহী সংগঠন এনএছসিএন-ৰ এজন সদস্যক গ্ৰেপ্তাৰ কৰে। গোপন সূত্ৰৰ খবৰৰ যোগে দি কালি মাঝ নিশা ডিমা হাছাও আৰক্ষী আৰু ১১ অসম ৰাইফলছে এক অভিযান চলাই হেইনেমটিউং নিউমে নামৰ এনএছসিএন-ৰ সদস্য জনক গ্ৰেপ্তাৰ কৰে।Body:ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক শ্ৰীজিত টিয়ে জনায় গ্ৰেপ্তাৰ হোৱা এনএছসিএন সদস্যৰ ঘৰ হৈছে ডিমা হাছাও জিলাৰ মাহুৰ আৰক্ষী থানাৰ অন্তৰ্গত পি পইচা গাঁওত। গ্ৰেপ্তাৰ হোৱা এনএছসিএন সদস্য হেইনামটিউং ডিমা হাছাও জিলাত ধনদাবীৰ কাৰ্যত লিপ্ত আছিল। গ্ৰেপ্তাৰ হোৱা এনএছসিএন সদস্য জনৰ পৰা আৰক্ষী আৰু অসম ৰাইফেলছৰ জওয়ান সকলে এখন সিম কাৰ্ড জব্দ কৰে।Conclusion:আৰক্ষীৰ জেৰাত এনএছসিএন সদস্য জনে ডিমা হাছাও জিলাত ধন দাবী কৰাৰ ঘটনাৰ কথা স্বীকাৰ কৰি কয় ২০০৮ চনত এনএছসি এন (আইএম)-ত যোগদানৰ পিছত ২০১৪ চনত এনএছসিএন (ৰিপাব্লিক)-ত যোগ দিয়ে বুলি হেইনামটিউং নিউমে আৰক্ষীক জনায়। বৰ্তমানত গ্ৰেপ্তাৰ হোৱা এনএছসিএন সদস্য জনক হাফলং আৰক্ষী থানত ৰাখি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.