ডিমা হাছাও,৩ জুন: ডিমা হাছাও জিলাত গ্ৰেপ্তাৰ এনএছচিএন (আইএম) উগ্ৰপন্থী সংগঠনৰ এগৰাকী সদস্য। বৃহস্পতিবাৰে পুৱা মাহৰ আৰক্ষী থানাৰ অন্তৰ্গত লাইচঙৰ পৰা নগা উগ্ৰপন্থী সংগঠনৰ সদস্য জনক আটক কৰে অসম ৰাইফলছে ।
উল্লেখ্য যে দুদিন পূৰ্বে লাইচঙৰ পৰা কিলাঙচুঙবে জেমি নামৰ এগৰাকী এনএছচিএন (আইএম) উগ্ৰপন্থী সংগঠনৰ সদস্যক অসম ৰাইফলছে গ্ৰেপ্তাৰ কৰাৰ পিছতে পুৱা পুনৰ লাইচঙৰ পৰা হেইলুহিয়ামবে নামৰ এনএছচিএন (আইএম) উগ্ৰপন্থী সংগঠনৰ সদস্যক গ্ৰেপ্তাৰ কৰে ।
অসম ৰাইফলছৰ সূত্ৰই জনোৱা মতে গ্ৰেপ্তাৰ হোৱা উগ্ৰপন্থী সংগঠনৰ সদস্য জন লাইচং এলেকাত বিভিন্ন গাৱঁৰ পৰা হাউচ টেক্স হিচাবে ধন দাবী কৰি আহিছিল আৰু বহু ঘৰৰ পৰা হাউচ টেক্সৰ নামত ধন আদায় কৰিছিল । ধৃত উগ্ৰপন্থী সংগঠনৰ সদস্য হেইলুহিয়ামবেৰ পৰা বহুকেইটা ধন দাবী পত্ৰ জব্দ কৰে অসম ৰাইফলছৰ দলটোৱে ।
লগতে পঢ়ক: মাজুলীত নিৰ্মাণ হৈছে ভাম্যমান নৌকা চিকিৎসালয়