ETV Bharat / state

ডিমা হাছাও জিলাত 10 গৰাকী ক’ভিড আক্ৰান্ত সন্ধানহীন - home isolation

10 গৰাকী ক’ভিড আক্ৰান্তৰ তথ্য ডিমা হাছাও জিলাৰ স্বাস্থ্য বিভাগৰ হাতত তথ্য নথকাত জিলাখনত হাহাকাৰ পৰিস্থিতি ৷ বহু ব্যক্তিয়ে ক’ভিড পৰীক্ষাৰ কৰাৰ সময়ত নিজৰ ঠিকনা আৰু মোবাইলৰ নম্বৰ ভুলকৈ অন্তৰ্ভূক্তি কৰোৱাৰ বাবেই জিলাখনত এই ধৰণৰ ভয়ংকৰ ঘটনা সংগঠিত হৈছে ৷

ডিমা হাছাও জিলাত 10 গৰাকী ক’ভিড আক্ৰান্ত সন্ধানহীন

author img

By

Published : May 18, 2021, 10:39 PM IST

ডিমা হাছাও, 18 মে': ডিমা হাছাও জিলাত 10 গৰাকী ক’ভিডত আক্ৰান্ত ৰোগীৰ কোনো তথ্য নাই জিলাৰ স্বাস্থ্য বিভাগৰ ওচৰত । এই ভয়ংকৰ তথ্য পোহৰলৈ অহাৰ পাছত জিলাখনত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ 10 গৰাকী ৰোগী এতিয়া ক’ত আছে জিলাখনৰ স্বাস্থ্য বিভাগত হাতত কোনো তথ্য নাই ।

কিয়নো বহু ব্যক্তিৰ ক’ভিড পৰীক্ষাৰ কৰাৰ সময়ত নিজৰ ঠিকনা আৰু মোবাইলৰ নম্বৰ ভুলকৈ অন্তৰ্ভূক্তি কৰোৱাৰ বাবে জিলাখনত এই ধৰণৰ ভয়ংকৰ ঘটনা সংগঠিত হৈছে । কিছুদিন পূৰ্বে নিউ হাফলং ৰে’ল ষ্টেচনত এনে ধৰণৰ এক ঘটনা সংগঠিত হয় । শিলচৰৰ পৰা অহা এগৰাকী ৰেল যাত্ৰীৰ নিউ হাফলং ষ্টেচনত ক’ভিড পৰীক্ষাৰ পিচতে এই ব্যক্তি জনৰ ৰিপোৰ্ট পজিটিভ আহে কিন্তু এই ব্যক্তি গৰাকী ষ্টেচনত থকা স্বাস্থ্যকৰ্মীৰ চকুত ধুলি দি ষ্টেচনৰ পৰা পলায়ন কৰে ।

ইপিনে ডিমা হাছাও জিলাত মঙলবাৰে নতুনকৈ আৰু 41 গৰাকী ব্যক্তি কৰ'ণাত আক্ৰান্ত হয় । এই 41 গৰাকী আক্ৰান্তক লৈ পাহাৰীয়া জিলা খনত কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা 558 গৰাকী লৈ বৃদ্ধি পাইছে । জিলাখনত বৰ্তমানলৈ 298 গৰাকী আক্ৰান্ত ৰোগী সুস্থ হৈ উঠাৰ বিপৰীতে সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে 237 গৰাকী ৷

ইয়াৰে 27 গৰাকী ৰোগীৰ চিকিৎসা হাফলং অসামৰিক চিকিৎসালয়ত আৰু 194 গৰাকী ৰোগী আছে হোম আইচলেশ্যনত আছে বুলি জানিব পৰা গৈছে । ইতিমধ্যে জিলাখনত মৃত্যু হৈছে 3 গৰাকী আক্ৰান্তৰ আৰু 6 গৰাকী আক্ৰান্তক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়ক : ডিমৌৰ ক'ভিড কেয়াৰ কেন্দ্ৰৰ ৰোগীৰ কক্ষত থাকিব চিচি টিভি কেমেৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.