ডিমা হাছাও, 11 আগষ্ট: বৃহস্পতিবাৰে মাইবাঙত স্থাপন হ’ল অগ্নি নিৰ্বাপক বাহিনীৰ নতুন কাৰ্যালয় ৷ Fire Station Building খন উদ্বোধন কৰে ৰাজ্যৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাই । মুঠ 2 কোটি 50 লাক্ষ টকা ব্যয় সাপেক্ষে তিনি বছৰৰ ভিতৰতে মাইবাঙত অগ্নি নিৰ্বাপক বাহিনীৰ নতুন কাৰ্যালয় ভৱনৰ কাম সম্পূৰ্ণ উঠিছে ।
উল্লেখ্য যে, এই কাৰ্যালয় স্থাপনৰ বাবে ভূমি দান কৰে মাইবাং চহৰৰ বাসিন্দা পৰিমল লাংথাচাই । অগ্নি নিৰ্বাপক বাহিনীৰ নতুন কাৰ্যালয় ভৱনৰ উদ্বোধন কৰি মন্ত্ৰী নন্দিতা গাৰ্লোচাই কয় (Minister Nandita Gorlosa) এই অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয় স্থাপন হোৱাৰ লগে লগে মাইবাঙৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবী পূৰণ হ’ল (Fire Station Building in Maibang) ৷ এতিয়াৰে পৰা জৰুৰীকালিন সময়তে এই অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয় মাইবাং মহকুমাৰ বাবে সহায়ক হ’ব আৰু ইয়াৰ ফলত স্থানীয় যুৱকসকলৰ কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত বিশেষ সহায়ক হ’ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

তেওঁ লগতে কয়, এই অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয়ত 15 গৰাকী কৰ্মচাৰীৰ প্ৰয়োজন ৷ বৰ্তমানে 11 গৰাকী কৰ্মচাৰী আছে, চাৰিটা পদ এতিয়াও খালী হৈ আছে ৷ শীঘ্ৰেই এই খালী পদত নিযুক্তি দিয়া হ’ব বুলি মন্তব্য কৰে ৰাজ্যৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাই ।
এই উদ্বোধনী অনুষ্ঠানত অসম আৰক্ষীৰ বিশেষ শাখাৰ আৰক্ষী সঞ্চালক প্ৰধান তথা অগ্নি নিৰ্বাপক বাহিনীৰ সঞ্চালক মুকেশ আগৰৱাল, ডিমা হাছাও জিলাৰ উপায়ুক্ত নাজৰিন আহমেদ, আৰক্ষী অধীক্ষক ময়ঙ্ক কুমাৰ, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিজিৎ লাংথাচা নিপোলাল, হোজাই আৰু ভুমিদাতা পৰিমল লাংথাচা উপস্থিতিত থাকে ৷
লগতে পঢ়ক: Ambulance Service : ৰাজ্যৰ স্বাস্থ্যখণ্ডত সংযোজিত হ'ল ৮৩ খন বেছিক লাইফ ছাপ'ৰ্ট এম্বুলেঞ্চ