ETV Bharat / state

National Unity day 2022: ডিমা হাছাও জিলাত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন - একতাৰ বাবে দৌৰ

সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে সংগত ৰাখি ডিমা হাছাও জিলাতো ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন কৰা হয় (National Unity day 2022 celebrated in Dima Hasao) । এই দিৱস উপলক্ষে দেশৰ অখণ্ডতা বজাই ৰখাৰ লক্ষ্যৰে চপথ বাক্য পাঠ কৰা হয় ।

National Unity day 2022 celebrated in Dima Hasao
ডিমা হাছাও জিলাত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন
author img

By

Published : Oct 31, 2022, 7:42 PM IST

ডিমা হাছাও, 31 অক্টোবৰ: ভাৰতৰ লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তী (Birth anniversary of Sardar Vallabhbhai Patel ) উপলক্ষে ৩১ অক্টোবৰৰ দিনটোত সমগ্ৰ দেশতে ‘ৰাষ্ট্ৰীয় একতা দিৱস’ৰ আয়োজন কৰা হয় (National Unity day 2022) ৷ সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে সংগত ৰাখি ডিমা হাছাও জিলাতো ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন কৰা হয় ( National Unity day 2022 celebrated in Dima Hasao) ।

ডিমা হাছাও জিলা প্ৰশাসন আৰু ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে একতা দৌৰ আৰু একতা দিৱসৰ আয়োজন কৰা হয় ৷ এই দিৱস উপলক্ষে দেশৰ অখণ্ডতা বজাই ৰখাৰ লক্ষ্যৰে শপত বাক্য পাঠ কৰা হয় ।

ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে হাফলং জিলা খেল পথাৰৰ পৰা একতা দৌৰৰ ফ্লেগঅফ কৰে ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত নাজৰিন আহমেদে । এই একতা দৌৰত ভাগ লয় ডিমা হাছাও জিলাৰ বিভিন্ন বিদ্যালয় আৰু কলেজৰ ছাত্ৰ-ছাত্ৰীসকল । একতা দিৱসৰ অনুষ্ঠানত উপস্থিত থাকে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ (North Cachar Hills Autonomous Council) অধ্যক্ষ ৰানু লাংথাচা, প্ৰধান সচিব টি টি দাওলাগাপু, জিলাৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ বিষয়া জাগীৰ খানৰ বিভিন্ন চৰকাৰী বিভাগৰ বিষয়াসকল ।

ইফালে, সোমবাৰে ৰাষ্ট্ৰীয় একতা দিৱসৰ (National Unity Day celebrated in Guwahati ) কেন্দ্ৰীয় কাৰ্যসূচী গুৱাহাটীত অনুষ্ঠিত হয় । একতা দিৱসৰ লগত সংগতি ৰাখি পুৱা গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ পৰা উলিওৱা হয় 'একতাৰ বাবে দৌৰ' । তাত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

ডিমা হাছাও জিলাত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন

ইয়াৰ লগতে, ‘ৰাষ্ট্ৰীয় একতা দিৱস’ উপলক্ষে জোনাইৰ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলে পুৱা ৭ বজাত নিজ নিজ বিদ্যালয়ৰ সন্মুখৰ পৰা ‘একতাৰ দৌৰ’ৰ আয়োজন কৰে (National Unity day 2022 celebrated at Jonai) ৷ লগতে এই দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ শিক্ষাগুৰু, শিক্ষাৰ্থীলসকলক সংকল্পবাক্য পাঠ কৰোৱা হয় ৷

তাৰোপৰি শিৱসাগৰতো জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন কৰা হয় (National Unity Day observed in Sivasagar) । এই উপলক্ষে শিৱসাগৰ জিলাৰ ৬টা ঐতিহাসিক স্থানৰ পৰা সামূহিক দৌৰ অনুষ্ঠিত কৰা হয় ।

লগতে পঢ়ক: National Unity Day : অসমৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে একতা দৌৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.