ETV Bharat / state

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নাম সলনি - উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ বাজেট অধিবেশন

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নাম সলনি কৰি ডিমা হাছাও পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ প্ৰস্তাৱ গৃহীত হয় বৰ্তমান উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ বাজেট অধিবেশনত। বৃহস্পতিবাৰ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ বাজেট অধিবেশন অনুষ্ঠিত হয়। এই বাজেট অধিবেশনত পাৰ্বত্য পৰিষদৰ অধীনত থকা জল সিঞ্চন বিভাগৰ কাৰ্যনির্বাহ সদস্য বিশ্বজিত দাওলাগাপুয়ে এই প্ৰস্তাৱ উত্থাপন কৰে ।

name change of north chacher hill autonomous council
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নাম সলনি
author img

By

Published : Mar 25, 2022, 9:47 PM IST

ডিমা হাছাও, ২৫ মাৰ্চ: অহা ২৬ এপ্ৰিলৰ পৰা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নাম সলনি কৰি ডিমা হাছাও পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ কৰা হ'ব আৰু তেতিয়াৰ পৰা চৰকাৰী কাম কাজত ডিমা হাছাও পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নাম হিচাবে ব্যৱহাৰ হ'ব (Name change of north Cachar hills autonomous council) । বৃহস্পতিবাৰ পাৰ্বত্য পৰিষদৰ বাজেট অধিবেশনত বিশ্বজিত দাওলাগাপুৰ প্ৰস্তাৱক ৩০ জন সদস্যৰ মাজতে প্ৰায় সকলো সদস্যই সমৰ্থন জনোৱাৰ পাছত প্ৰস্তাৱতো পাছ হৈ যায় ।

উল্লেখযোগ্য উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদত ৩০ গৰাকী সদস্যৰ মাজতে ২৯ গৰাকী সদস্য শাসকীয় বিজেপি দলৰ আৰু বিৰোধী কংগ্ৰেছ দলৰ এগৰাকী প্ৰাৰ্থী যাৰ বাবে প্ৰায় সকলো সদস্যৰ সমৰ্থন কৰাৰ বাবে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষা ৰানু লাংথাচাই চৰকাৰী অনুমোদনৰ বাবে এই প্ৰস্তাৱ পাছ কৰে ।

বিশ্বজিত দাওলাগাপুয়ে বাজেট অধিবেশনত দাখিল কৰা প্ৰস্তাৱ অনুসৰি সংবিধানৰ ষষ্ঠ অনুসূচীৰ ধাৰা (এফএফ) বিধান মতে ২০১০ চনৰ ৩০ মাৰ্চত উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ নাম সলনি কৰি ডিমা হাছাও জিলা কৰা হৈছিল ।

কিন্তু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নাম সলনি কৰা হোৱা নাছিল ৷ বিশ্বজিত দাওলাগাপুয়ে বাজেট অধিবেশন উল্লেখ কৰা প্ৰস্তাৱত কোৱা হৈছিল যে ষষ্ঠ অনুসূচীৰ 2(3) ধাৰা মতে এখন সাংবিধানিক প্ৰতিষ্ঠান হিচাবে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নাম অনুসাৰে হোৱা উচিত । বৃহস্পতিবাৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ বাজেট অধিবেশন এই প্ৰস্তাৱ পাছ হোৱাৰ বাবে অতি শীঘ্ৰেই পাৰ্বত্য পৰিষদৰ ফালৰ পৰা নিৰ্দেশ জাৰি কৰা হ'ব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: Rajya Sabha Election 2022: বিৰোধীৰ ৪৩ৰ অংকত আউল লগাৰ আশংকা

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.