ETV Bharat / state

Jayanta Malla Baruah: হাফলঙত জল জীৱন মিছনৰ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ - Jal Jeevan Mission

হাফলঙত জল জীৱন মিছনৰ এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৷ ডিমা হাছাও জিলাত চলি থকা আঁচনিৰ কাম-কাজৰো বুজ লয় মন্ত্ৰীগৰাকীয়ে ৷ 2024 চনৰ ভিতৰত ৰাজ্যত জল জীৱনৰ কাম সম্পূৰ্ণ হ’ব বুলি আশা প্ৰকাশ মন্ত্ৰীগৰাকীৰ ৷

Jayanta Malla Baruah
Jayanta Malla Baruah
author img

By

Published : Jul 14, 2023, 9:31 PM IST

হাফলঙত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

হাফলং, 14 জুলাই: ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ তথা পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱা শুকুৰবাৰে এদিনীয়া কাৰ্যসূচীৰে উপস্থিত হয় হাফলঙত ৷ হাফলঙত জল জীৱন মিছন আঁচনিৰ এখন পৰ্যালোচনা বৈঠকত অংশ লয় মন্ত্ৰীগৰাকীয়ে ৷

বৈঠকত স্বচ্ছ ভাৰত মিছন আৰু জল জীৱন মিছন আঁচনিৰ কামৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰা হয় ৷ এই পৰ্যালোচনা বৈঠকত ডিমা হাছাও জিলাৰ জল জীৱন মিছন আঁচনিৰ অধীনত হোৱা কামক লৈ বিশেষ সন্তুষ্ট নহয় মন্ত্ৰীগৰাকীয় ৷

শুকুৰবাৰে জল জীৱন আঁচনিৰ কাম 2024 চনৰ ভিতৰত 100 শতাংশ সম্পূৰ্ণ কৰাৰ বাবে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ কৰ্তৃপক্ষ সংশ্লিষ্ট চৰকাৰী বিভাগসমূহক নিৰ্দেশ দিয়ে ৷ সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে ডিমা হাছাও জিলাত জল জীৱনৰ মিছনৰ অধীনত গাঁও অঞ্চলত প্ৰতি ঘৰে পানীৰ যোগান ধৰাৰ বাবে 2 লাখ 50 হাজাৰ টকাকৈ দিয়া হৈছে ৷

তেওঁ লগতে কয় যে ডিমা হাছাও জিলাত পানীৰ অভাৱ আছে ৷ বিশেষ কৈ গাঁও অঞ্চলত খোৱাপানীৰ অসুবিধা আছে ৷ জল জীৱন মিছনৰ জৰিয়তে যাতে গাঁও অঞ্চলৰ প্ৰতিটো ঘৰতে পানী যোগান ধৰা হয় তাৰ বাবে এই আঁচনিৰ কাম সম্পূৰ্ণ কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ নেতৃত্বত হাফলং চহৰৰ খোৱাপানীৰ সমস্যা দূৰ কৰাৰ বাবে অমৃত আঁচনিৰ অনুমোদন দিয়া হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷ 2024 চনৰ ভিতৰত জল জীৱন মিছনৰ কাম 100 শতাংশ সম্পূৰ্ণ হ’ব বুলিও তেওঁ আশা প্ৰকাশ কৰে ৷

শুকুৰবাৰৰ বৈঠকত মন্ত্ৰী নন্দিতা গাৰ্লোছা, সাংসদ হৰেন সিং বে, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছাৰ লগতে জিলা উপায়ুক্ত সীমান্ত কুমাৰ দাসো উপস্থিত থাকে ৷

লগতে পঢ়ক: Kurichhu Dam: পুৱা ৭ বজাৰ পৰাহে নিয়ন্ত্ৰিত ৰূপত কুৰিশ্বু বান্ধৰ পানী এৰিছে ভূটানে; পীযুষ হাজৰীকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.