ETV Bharat / state

Food poisoning in Dima hasao: দৈ খাই চিকিৎসাধীন 30 জনো অধিক - খাদ্যত বিষক্ৰিয়া হৈ ডিমা হাছাওত 30 ৰো অধিক

খাদ্যত বিষক্ৰিয়া হৈ ডিমা হাছাও জিলাত 30 ৰো অধিক লোক অসুস্থ ৷ চিকিৎসালয়ত ভৰ্তি (Many people suffer from food poisoning) ৷

Food poisoning in Dima hasao
ডিমা হাছাওত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ বহুলোক
author img

By

Published : Apr 8, 2023, 3:06 PM IST

হাফলং, 8 এপ্ৰিল : ডিমা হাছাও জিলাত খাদ্যত বিষক্ৰিয়া হৈ 30 গৰাকী অধিক লোক অসুস্থ হৈ পৰে । অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাও জিলাৰ হাৰেংগাজাওত এই ঘটনা সংঘটিত হয় । জানিব পৰা মতে, এখন দোকানৰ পৰা দৈ কিনি খোৱাৰ পিচতে হাৰেংগাজাও এলেকাৰ 30 গৰাকীৰো অধিক লোক অসুস্থ হৈ পৰে (Many people suffer from food poisoning) ।

শুকুৰবাৰে হাৰেংগাজাও বজাৰৰ মজুমদাৰ চুইটছ নামৰ এখন দোকানৰ পৰা দৈ কিনি খোৱাৰ পিচতে বহু লোক অসুস্থ হৈ পৰে । জানিব পৰা মতে হাৰেংগাজাও বজাৰৰ মজুমদাৰ চুইটছ নামৰ দোকানৰ পৰা যিসকল লোকে দৈ কিনি খাইছিল বা দৈ কিনি ঘৰলৈ লৈ গৈছিল, সেই দৈ খোৱাৰ পিচতেই লোকসকল অসুস্থ হৈ পৰে । দৈ খাই অসুস্থ হোৱা লোকসকলৰ মাজত বহু শিশুও আছে বুলি জানিব পৰা গৈছে (Food poisoning in Dima hasao) ।

লগতে পঢ়ক : Raids against PFI : বৰপেটাত দুই PFI আৰু এজন CFIৰ নেতাক গ্ৰেপ্তাৰ

আনপিনে শুকুৰবাৰে হাৰেংগাজাও মজুমদাৰ চুইটছৰ পৰা দৈ খোৱাৰ পিচতে বহু লোক অসুস্থ হোৱাৰ খবৰ বিয়পি পৰাৰ পিচতে অঞ্চলজুৰি এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ নিশাৰ ভিতৰতে হাৰেংগাজাও প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ত্ৰিশৰো অধিক লোক অসুস্থ হৈ ভৰ্তি হয় । উল্লেখ্য যে, হাৰেংগাজাও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত দৈ খাই বিষক্ৰিয়া হোৱা ৰোগীসকলৰ মাজতে এগৰাকী ৰোগীক উন্নত চিকিৎসাৰ বাবে হাৰেংগাজাও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা চিকিৎসকসকলে শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷

তদুপৰি, 8 গৰাকী ৰোগীক হাফলং অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় বুলি জানিবলৈ পৰা গৈছে । আনহাতে, খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ হৈ পৰাৰ ঘটনাৰ পিচতে হাফলঙৰ এক চিকিৎসকৰ দল হাৰেংগাজাওত গৈ উপস্থিত হৈছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Rupjyoti Kurmi at Mariani : মায়ে কৈছে কুকুৰে ভুকিলে ভুকিব দিবি আৰু হাতীৰ দৰে গৈ থাকিবি: ৰূপজ্যোতি

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.