ETV Bharat / state

ধাৰষাৰ বৰষুণৰ ফলত 54 নং ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন

author img

By

Published : Jun 10, 2021, 1:17 PM IST

54 নং ৰাষ্ট্ৰীয় ঘাইপথত হোৱা ভূমিস্খলনৰ ফলত ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা ৷ গৰ্ভৱতী মহিলা লৈ অহা এম্বুলেঞ্চ দুঘণ্টালৈকে আৱদ্ধ হৈ থাকিবলগীয়া হৈছে বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷

Landslide on National Highway 54
ধাৰষাৰ বৰষুণৰ ফলত 54 নং ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন

ডিমা হাছাও,10 জুন: ডিমা হাছাও জিলাৰ 54 নং ৰাষ্ট্ৰীয় ঘাইপথত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে ভয়ংকৰ ভূমিস্খলন সংঘটিত হয় ৷ মাইবং আৰু জাতিংগাৰ সমীপত হোৱা ভূমিস্খলনৰ বাবে সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে যাতায়াত ব্যৱস্থা ৷

বৰ্তমানে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই সৰু-বাহনৰ বাবে ঘাইপথটো খুলি দিয়ে যদিও এই পথচোৱাত এতিয়াও গধুৰ বাহন চলাচল কৰিব পৰা নাই ৷ জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰটো বৃহৎ প্ৰতিবন্ধকতা আহি পৰিছে বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷

স্থানীয় লোকে সদৰী কৰা মতে, পথটো বন্ধ হৈ পৰাৰ বাবে গৰ্ভৱতী মহিলা আৰু এগৰাকী জটিল ক'ভিড ৰোগীক লৈ অহা হাফলং অসামৰিক চিকিৎসালয় অভিমুখী দুখনকৈ এম্বুলেঞ্চে প্ৰায় 2-3 ঘণ্টা পৰ্যন্ত পথটোত আৱদ্ধ হৈ থাকিবলগীয়া হয় ৷ এইদৰে আৱদ্ধ হৈ ৰোৱা গৰ্ভৱতী মহিলাগৰাকীৰ অৱস্থা যথেষ্ট বেয়ালৈ গতি কৰিছিল বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: QS World University Ranking 2021 ৰ 41 তম স্থানত IIT guwahati

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.