ETV Bharat / state

Dima Hasao Landslide: ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিল শিলচৰ-হাফলং 54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ

author img

By

Published : Oct 12, 2022, 9:28 PM IST

পুনৰ বন্ধ হৈ পৰিল শিলচৰ-হাফলং 54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ (Landslide in National Highway 54)। ভূমিস্খলন হৈ বন্ধ হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথটো । শিলচৰ-হাফলং 54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাছাৰ জিলা অংশৰ দুৰ্গাচৰা আৰু বালাচৰাৰ মাজতে ভূমিস্খলনৰ ঘটনা সংগঠিত হয় (Dima Hasao Landslide)।

Dima Hasao Landslide
ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিল শিলচৰ-হাফলং 54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ

ডিমা হাছাও, 12 অক্টোবৰ: ভূমিস্খলনৰ ফলত পুনৰ বন্ধ হৈ পৰিল শিলচৰ-হাফলং 54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ (Landslide in National Highway 54)। সামান্য বৰষুণৰ ফলতেই ভূমিস্খলন হৈ বন্ধ হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথটো । যোৱা দুদিনৰ সামান্য বৰষুণৰ ফলতেই শিলচৰ-হাফলং 54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাছাৰ জিলা অংশৰ দুৰ্গাচৰা আৰু বালাচৰাৰ মাজতে ভূমিস্খলনৰ ঘটনা সংগঠিত হয় ।

ফলত পথছোৱাত যানবাহন চলাচল বন্ধ হৈ পৰে । ভূমিস্খলনৰ ফলত শিলচৰ-হাফলং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে যানবাহন চলাচল সম্পূৰ্ণৰূপে বন্ধ আছিল । যাৰবাবে যাত্ৰীসকলে দুৰ্ভোগ ভুগিবলগীয়া হয় । ইপিনে এই ৰাষ্ট্ৰীয় ঘাইপথতে শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট-ৱেষ্ট কৰিডৰৰ(Silchar Saurashtra East West corridor) নিৰ্মান কাম চলি আছে । আনহাতে পথটো যাতায়তৰ উপযোগী কৰাৰ বাবে এনএইচআইডিচিএল কাম অব্যাহত ৰাখিছে । বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় ঘাইপথটো সুচল হৈ উঠাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, বিগত জুন মাহতো ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিল ডিমা হাছাওত ৷ ভূমিস্খলন আৰু বানৰ কৱলত পৰি প্ৰায় এমাহ লামডিং-শিলচৰ ব্ৰডগজ ৰে'লপথত ৰে'ল সেৱা বন্ধ হৈ পৰিছিল (Train services disrupted in Dima Hasao)৷ বৰষুণৰ ফলত লামডিং-শিলচৰ ৰে'লপথৰ নিউ জাতিংগা লামপুৰ ষ্টেচনৰ সমীপতে 108/7-9 কিলোমিটাৰ এলেকাত সংঘটিত হৈছিল ভূমিস্খলনৰ ঘটনা (Landslide near New Jatinga lumpur station)৷

ইয়াৰোপৰি জুলাই মাহতো ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিল শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট-ৱেষ্ট কৰিড’ৰ তথা 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটোত (Screams of death in Dima Hasao) । ফলত এটা সপ্তাহৰ ভিতৰতে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত পৃথকে পৃথকে সংঘটিত হোৱা দুৰ্ঘটনাত 5 গৰাকী লোকৰ মৃত্যু হৈছিল (Tragic situation in Dima Hasao) ।

জিলাখনত পুনৰ ভূমিস্খলৰ ঘটনা সংঘটিত হোৱাৰ পাছত পুনৰ শিলচৰ-হাফলং সংযোগী 54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱাত শংকিত হৈ পৰিছে জিলাবাসী ৷

লগতে পঢ়ক: BREAKING NEWS: ডুমডুমা নদীত উদ্ধাৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.