ETV Bharat / state

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মন্ত্ৰী যোগেন মহন আৰু মন্ত্ৰী বিমল বৰা হাফলঙত উপস্থিত

author img

By

Published : May 19, 2022, 7:49 PM IST

প্ৰকৃতিৰ ৰোষত পৰিছে হাফলং ৷ বানপানী আৰু ভূমিস্খলনৰ ফলত ধ্বংসস্তুপত পৰিণত ডিমা হাছাওৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ ল’বলৈ বৃহস্পতিবাৰে হাফলঙত উপস্থিত হয় মন্ত্ৰী যোগেন মহন (Jogen Mohan visited in Dima Hasao) আৰু মন্ত্ৰী বিমল বৰা ৷

Jogen Mohan and Bimal Bora visited in Dima Hasao
মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মন্ত্ৰী যোগেন মহন আৰু বিমল বৰা হাফলঙত উপস্থিত

ডিমা হাছাও, 19মে’: আজি পৰ্যন্ত একেই আছে ডিমা হাছাওৰ পৰিস্থিতি ৷ ধ্বংসস্তূপত পৰিণত 'উত্তৰ-পূৱ ভাৰতৰ মিনি চুইজাৰলেণ্ড' (Dima Hasao Tragedy) খ্যাত ডিমা হাছাও । প্ৰকৃতিৰ ধ্বংসলীলাৰ ফলত যোগাযোগ, বিদ্যুৎ সেৱা বিঘ্নিত হৈ পৰিছে ৷

ফলত স্তব্ধ হৈ পৰিছে সাধাৰণ জনজীৱন (Normal life completely disrupted Dima Hasao) ৷ বৃহস্পতিবাৰে ডিমা হাছাওৰ বৰ্তমানৰ পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে মাইবাঙত আহি উপস্থিত হয় ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগ তথা ৰাজ্যৰ পাৰ্বত্য এলেকা উন্নয়ন বিভাগৰ মন্ত্ৰী যোগেন মহন (Jogen Mohan visited in Dima Hasao) আৰু শক্তিমন্ত্ৰী বিমল বৰা ( Bimal Bora visited Dima Hasao) ।

জানিব পৰা মতে, গুৱাহাটীৰ পৰা হাফলং অহাৰ সময়ত ৰাজ্যৰ দুই মন্ত্ৰী 27 ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলনৰ বাবে কেইবা ঘণ্টা আবদ্ধ হৈ পৰিছিল ৷ অৱশেষত ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰাৰ পিচতে দুপৰীয়াৰ ভাগত হাফলং আহি উপস্থিত হৈ মন্ত্ৰী যোগেন মহনে ডিমা হাছাও জিলাৰ পৰিৱেশ এতিয়াও ভয়াবহ হৈ আছে বুলি মন্তব্য কৰে ।

লগতে মন্ত্ৰীগৰাকীয়ে কয় যে, ডিমা হাছাও জিলাক সজাই পৰাই তোলা হৈছিল ৷ এতিয়া আকৌ নতুনকৈ পাহাৰীয়া জিলাখনক সজাই পৰাই তোলাৰ ক্ষেত্ৰত সময় লাগিব বুলি মন্ত্যব কৰে মন্ত্ৰীগৰাকীয়ে । তেওঁ কয়, ‘‘ডিমা হাছাও জিলাত কোনো কাৰণতে খাদ্য সংকট হ’ব দিয়া নহ’ব ৷’’

ইয়াৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা লৈছে বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, হাফলঙত যদি পে’ট্ৰল -ডিজেলৰ নাটনি দেখা দিয়ে তেনেহলে পে’ট্ৰল-ডিজেলও বায়ুসেনাৰ হেলিকপ্টাৰ অনাৰ ব্যৱস্থা কৰা হ’ব । মন্ত্ৰীগৰাকীয়ে ‘‘আমি সদায় দুৰ্গতসকলৰ লগতে আছো আৰু ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত সকলো ধৰণৰ ব্যৱস্থা হাতত লৈছে আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও কিছু দিনৰ মাজতে’ হাফলঙলৈ আহিব ( CM to visit Dima Hasao) ’’ বুলি সংবাদমাধ্যমৰ আগত উল্লেখ কৰে ।

ইপিনে আজি যোৰহাটৰ পৰা বায়ু সেনাৰ হেলিকপ্টাৰত প্ৰায় 12 মেট্ৰিক টন খাদ্য সামগ্ৰী হাফলঙলৈ পঠোৱা হয় । ইতিমধ্যে হাফলঙত আবদ্ধ হৈ থকা বহু যাত্ৰীক বায়ু সেনাৰ হেলিকপ্টাৰ যোগে উদ্ধাৰ কৰি বৃহস্পতিবাৰে যোৰহাট আৰু শিলচৰত লৈ যোৱা হয় ।

আজি হাফলঙত উপস্থিত হৈ মন্ত্ৰী যোগেন মোহন আৰু বিমল বৰা হাফলঙৰ ওচৰতে থকা হকাইপুনজি গাঁৱত ভূমিস্খলনৰ ফলত মৃত্যু হোৱাসকলৰ ঘৰতো উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ।

লগতে পঢ়ক : Dima Hasao Tragedy: পৰিস্থিতি বুজ ল’বলৈ ডিমা হাছাওত যোগেন মহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.