ডিমা হাছাও, 27 আগষ্ট: অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত ডিমা হাছাওত এতিয়া গঢ়ি তোলা হ'ব হৰটিকালচাৰ কলেজ ৷ বৰ্তমান ৰাজ্য চৰকাৰ তৰফৰ পৰা ঘোষণা কৰা অনুসৰি ডিমা হাছাও জিলাৰ উমৰাংচোত এখন এচিএচ ট্রেনিং চেণ্টাৰ আৰু মাইবাং মহকুমাত স্থাপন কৰা হ'ব এখন হৰটিকালচাৰ কলেজ । ইতিমধ্যে উমৰাংচোত এচিএচ ট্ৰেংনিং চেণ্টাৰ স্থাপনৰ কাৰণে ৰাজ্য চৰকাৰক এক হাজাৰ বিঘা ভূমি আবন্টন দিছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিসদৰ ভূমি ও ৰাজহ বিভাগে ৷ আনহাতে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত ডিমা হাছাওত স্থাপন হ'ব লগা হৰটিকালচাৰ কলেজৰ বাবেও উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিসদৰ ভূমি ও ৰাজহ বিভাগে মাইবাং মহকুমাৰ অন্তৰ্গত কালাচান্দত আবন্টন দিছে ৪০০ বিঘা ভূমি ৷ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিসদৰ চিইএম দেৱলাল গাৰ্লচাই সোমবাৰে আনুষ্ঠানিক ভাৱে হাফলংত হৰটিকালচাৰ কলেজ স্থাপন কৰাৰ বাবে অসম কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ হাতত তুলি দিয়ে ৪০০ বিঘা ভূমিৰ নথি-পত্ৰ ।
ডিমা হাছাও হৰটিকালচাৰ কলেজৰ বাবে 400 বিঘা ভূমি আবণ্টন - etv bharat
অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত ডিমা হাছাওত স্থাপন হ'ব লগা হৰটিকালচাৰ কলেজৰ বাবেও উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিসদৰ ভূমি ও ৰাজহ বিভাগে মাইবাং মহকুমাৰ অন্তৰ্গত কালাচান্দত আবন্টন দিছে ৪০০ বিঘা ভূমি ৷