ETV Bharat / state

ডিমা হাছাৱত 126 গৰাকী ব্যক্তিক হোম কোৱাৰেণ্টাইনৰ নিৰ্দেশ স্বাস্থ্য বিভাগৰ

দেওবাৰে ডিমা হাছাও জিলাৰ বিভিন্ন এলেকাৰ 126 গৰাকী ব্যক্তিক হোম কোৱাৰেণ্টাইনত থকাৰ নিৰ্দেশ দিয়ে স্বাস্থ্য বিভাগে । লগতে আজমীৰৰ পৰা অহা যাত্ৰীসকলে আহাৰ গ্ৰহণ কৰা ধাবাখন সম্পূৰ্ণৰূপে ছীল কৰে প্ৰশাসনে ।

ডিমা হাছাও
ডিমা হাছাৱত 126 গৰাকী ব্যক্তিক হোম কোৱাৰাণ্টাইনৰ নিৰ্দেশ স্বাস্থ্য বিভাগৰ
author img

By

Published : May 10, 2020, 10:33 PM IST

ডিমা হাছাও, ১০ মে': ডিমা হাছাও জিলাৰ ১২৬ গৰাকীকৈ ব্যক্তিক দেওবাৰে কোৱাৰাণ্টাইনত ৰাখে স্বাস্থ্য বিভাগে । ৰাজ্যজুৰি COVID-19ৰ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ পাচত ডিমা হাছাৱতো COVID-19 ক লৈ আতংকিত সাধৰণ ৰাইজ ।

ডিমা হাছাও
ডিমা হাছাৱত 126 গৰাকী ব্যক্তিক হোম কোৱাৰাণ্টাইনৰ নিৰ্দেশ স্বাস্থ্য বিভাগৰ

ইতিমধ্যে ডিমা হাছাৱৰ পাৰ্শ্বৱৰ্তী কাছাৰ জিলাত ১০ গৰাকী ব্যক্তিৰ দেহত COVID-19 ৰ উপস্থিতি ধৰা পৰিছে । যাৰ বাবে শংকিত হৈছে ডিমা হাছাওৱাসী । সেয়হে শনিবাৰে মাইবং 54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত থকা এখন ধাবা ছীল কৰি দিয়ে স্বাস্থ্য বিভাগে । আজমীৰৰ পৰা যাত্ৰী কঢ়িয়াই অনা বাছ খনৰ যাত্ৰী সকলে ধাবা খনত আহাৰ গ্ৰহণ কৰাৰ বাবেই ধাবাৰ স্বত্বাধিকাৰীৰ উপৰিও 6 জন কৰ্মচাৰীক কোৱাৰেণ্টাইনত ৰাখে স্বাস্থ্য বিভাগে ।

তাৰোপৰি ধাবা খন ছীল কৰা পাচতে ধাবাখনকে ধৰি মাইবাঙৰ 54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জিৰো পয়ন্টৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণ মাইবাং চহৰ খন চেনিটাইজেছন কৰে অগ্নি নিৰ্বাপক বাহিনীয়ে ।

আনহাতে, ডিমা হাছাও জিলাত স্বাস্থ্য বিভাগৰ চাৰ্ভিলেন্স টিমে 3 হাজাৰ 52 ব্যক্তিক হোম কোৱাৰেণ্টাইনত ৰাখিছে তাৰ ভিতৰত মুঠ 643 গৰাকী ব্যক্তিয়ে 28 দিনৰ হোম কোৱাৰেণ্টাইনৰ সময়সীমা পাৰ কৰাৰ বিপৰীতে 351 গৰাকী ব্যক্তিয়ে 14 দিনৰ হোম কোৱাৰেণ্টাইনৰ সময়সীমা পাৰ কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.