ETV Bharat / state

স্বাধীনতা সংগ্ৰামী শম্ভুধন ফংলোৰ 139 সংখ্যক মৃত্যু দিৱস উদযাপন

author img

By

Published : Feb 12, 2021, 1:27 PM IST

শুকুৰবাৰে ডিমাচা ছাত্ৰ সন্থাৰ উদ্যোগত হাফলং চহৰত উদযাপন কৰা হয় স্বাধীনতা সংগ্ৰামী বীৰ শম্ভুধন ফংলোৰ 139 সংখ্যক মৃত্যু দিৱস ৷ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যনিৰ্বাহ সদস্য নিপোলাল হোজাই, বিজেপি নেতা কুলেন্দ্ৰ দাওলাগাপু, ডিমাচা জনগোষ্ঠীৰ জাতীয় সংগঠন জাদিখে নাইশো হচমৰ সভাপতি সন্দিছ আৰদাও, সদৌ ডিমাচা ছাত্ৰ সন্থাৰ সভাপতি উত্তম লাংথাচা, ডিমাচা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰমিত চেংয়ুঙ ৷ লগতে উপস্থিত থাকে অঞ্চলটোৰ স্থানীয় ৰাইজ ৷

স্বাধীনতা সংগ্ৰামী শম্ভুধন ফংলোৰ 139 সংখ্যক মৃত্যু দিৱস উদযাপন
স্বাধীনতা সংগ্ৰামী শম্ভুধন ফংলোৰ 139 সংখ্যক মৃত্যু দিৱস উদযাপন

ডিমা হাচাও, 12 ফেব্ৰুৱাৰীঃ শুকুৰবাৰে ডিমাচা ছাত্ৰ সন্থাৰ উদ্যোগত হাফলং চহৰত উদযাপন কৰা হয় স্বাধীনতা সংগ্ৰামী বীৰ শম্ভুধন ফংলোৰ 139 সংখ্যক মৃত্যু দিৱস ৷ প্ৰতি বছৰে 12 ফেব্ৰুৱাৰীৰ দিনটো স্বাধীনতা সংগ্ৰামী বীৰ শম্ভুধন ফংলোৰ মৃত্যু দিনটো শ্বহীদ দিৱস হিচাপে উদযাপন কৰা হয় ৷

স্বাধীনতা সংগ্ৰামী বীৰ শম্ভুধন ফংলোৰক সোঁৱৰি উদযাপন কৰা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যনিৰ্বাহ সদস্য নিপোলাল হোজাই, বিজেপি নেতা কুলেন্দ্ৰ দাওলাগাপু, ডিমাচা জনগোষ্ঠীৰ জাতীয় সংগঠন জাদিখে নাইশো হচমৰ সভাপতি সন্দিছ আৰদাও, সদৌ ডিমাচা ছাত্ৰ সন্থাৰ সভাপতি উত্তম লাংথাচা, ডিমাচা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰমিত চেংয়ুঙ ৷ লগতে উপস্থিত থাকে অঞ্চলটোৰ স্থানীয় ৰাইজ ৷

শুকুৰবাৰে পুৱাৰে পৰা অনুষ্ঠিত হোৱা শ্বহীদ দিৱস আনুষ্ঠানত উপস্থিত থকা অতিথি সকলে বীৰ শম্ভুধন ফংলোৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে ৷ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকেও বীৰ শম্ভুধন ফংলোৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলিও অৰ্পন কৰে ৷ লগতে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি হাফলং চহৰ মাজেৰে উলিওৱা হয় এক শোভাযাত্ৰা ৷

উল্লেখ্য যে, 2018 চনত কেন্দ্ৰৰ বিজেপি চৰকাৰে বীৰ শম্ভুধন ফংলোক স্বাধীনতা সংগ্ৰামী হিচাপে স্বীকৃতি দিয়ে বুলি মন্তব্য কৰে জাদিখে নাইচো হচমৰ সভাপতি সন্দিছ আৰদাওয়ে ৷ কিন্তু পৰিতাপৰ বিষয় যে, স্বাধীনতা সংগ্ৰামী হিচাপে স্বীকৃতি পোৱাৰ পাছতো বীৰ শম্ভুধন ফংলোৰ স্মৃতি সৌধ সমূহ সংৰক্ষণ নহ’ল ৷ স্বাধীনতা সংগ্ৰামী বীৰ শম্ভুধন ফংলোক শ্বহীদৰ উচিত মৰ্যদা দিবলৈ দাবী জনাইছে জাদিখে নাইচো হচমৰ সভাপতি সন্দিছ আৰদাওৰ লগতে ডিমাচা ছাত্ৰ সন্থাই ৷

লগতে পঢ়কঃ নিৰ্বাচনক আগত ৰাখি দাখিল হ’ল অন্তৱৰ্তীকালীন বাজেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.